টীয়কত পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে l

1 min read

 

টীয়কৰ প্ৰতিবেদক ২২ জুন/২৩

উন্নয়ন আৰু বিকাশ বিছাৰি হাবাথুৰি খাইছে টীয়কৰ এখন গাৱঁৰ ৰাইজে।গ্ৰামাঞ্চল সমূহত প্ৰকৃততে উন্নয়ন হৈছেনে?কেৱল শ্ল’গান আৰু হ’ৰডিংতে সীমাবদ্ধ নেকি উন্নয়ন। স্বাধীনতাৰ ৭৫ টা বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা টীয়কৰ এখন ভিতৰুৱা গাঁও বনাই ন-পমুৱা গাওঁ। একবিংশ শতিকাটো এইখন গাঁৱৰ ৰাইজে জৰাজীৰ্ণ পথেৰে যাতায়াত কৰি জীয়াতু ভুগিছে।এজাক বৰষুণ দিলেই পথটোৰে অহা-যোৱা কৰিব নোৱাৰে কোনো লোক। জনপ্ৰতিনিধিৰ ওচৰত তাঁত বাতি কৰি ভাগৰি পৰিছে এইসকল জনতা।যাৰ বাবে আজি গাওঁবাসীয়ে পথৰ মাজতে ভূঁই ৰুই কৰিলে অভিনৱ প্ৰতিবাদ।
প্ৰকৃততে কেনেদৰে চলিছে গ্ৰাম্যাঞ্চল সমূহত বিকাশ আৰু উন্নয়ন। সচাঁকৈ বিজ্ঞাপনতে সীমাবদ্ধ থাকিব নেকি উন্নয়ন আৰু বিকাশ।সেয়ে উন্নয়নৰ ফটা ঢোল বজোৱা চৰকাৰখনক অনতি পলমে পথটো মেৰামতি কৰি ৰাইজৰ যাতায়ত সুচল কৰি দিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে।

You May Also Like

More From Author