শিৱমন্দিৰ গলে ভক্তগণে শিৱলিঙ্গত প্ৰায়ে গাখীৰ ঢালে। বিশেষকৈ শাওনৰ সোমবাৰ কেইটাত প্ৰায় সকলোৱে শিৱলিঙ্গত গাখীৰ ঢালি সেৱা লয় ( Religious Studies )। এই নিয়ম এতিয়াৰ নহয়, বহু হাজাৰ বছৰ আগৰে পৰা এনে ৰীতি নীতিৰে ভগৱান শিৱৰ চৰণত সেৱা লৈ অহা হৈছে।
ইয়াৰ কাৰণসমূহ আপুনি জানেনে…..
বিষ্ণু পুৰাণ অনুসৰি যেতিয়া অমৃত প্ৰাপ্তিৰ বাবে দেৱতা আৰু অসুৰ সকলে সমুদ্ৰ মন্থন কৰিছিল, সেই সময়ত প্ৰথমে হলাহল বিষ নিৰ্গত হবলৈ ধৰিছিল। সেই নিৰ্গত হোৱা হলাহল বিষৰ তীব্ৰতা ইমানেই আছিল যে তাৰ প্ৰভাৱত দেৱতা আৰু দৈত্যসকল জ্বলিবলৈ ধৰিলে। সেই বিষৰ প্ৰকোপত সমস্ত জগতখনেই ধ্বংস হৈ গ’লহেঁতেন। কিন্তু সেই বিষ সহ্য কৰাৰ ক্ষমতা কাৰোৰে নাছিল। তেতিয়াই সকলো ভগৱান শিৱৰ শ্ৰীচৰণত আশ্ৰয় লৈছিল। ভগৱান শিৱই এই সমস্ত সংসাৰক ৰক্ষা কৰিবলৈকে হলাহলে বিষ প্ৰাণ কৰিছিল।( Religious Studies )
বিষৰ প্ৰকোপত তেওঁৰ কণ্ঠ নীলা হৈ গৈছিল। যাৰ বাবে তেওঁক নীলকণ্ঠ বুলি কোৱা হয়। বিষ প্ৰাণ কৰি কৰি তেওঁৰ শৰীৰত তীব্ৰ জ্বলন হৈছিল। দেৱতাসকলে তেওঁৰ শৰীৰৰ জ্বলন উপসম কৰিবলৈ পানী ঢালিছিল, তেতিয়াও তেওঁ শান্তি পোৱা নাছিল। অৱশেষত দেৱতাসকলে তেওঁক গাখীৰ নিবেদিছিল। গাখীৰ প্ৰাণ কৰিয়ে তেওঁ বিষময় জ্বলনৰ পৰা ৰক্ষা পাইছিল।
আৰু তেতিয়াৰ পৰাই গাখীৰ ভগৱান শিৱৰ প্ৰিয়। এইটোৱে কাৰণ ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ তেওঁৰ লিঙ্গত গাখীৰ ঢালা হয়।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।