পৌৰাণিক কথা অনুসৰি দক্ষ প্ৰজাপতি নামৰ এজন ব্ৰহ্মাৰ মানস পুত্ৰ আছিল।তেওঁ হিমালয়ৰ কাশ্মিৰ প্ৰাদদেশত ৰজা হৈ ৰাজ্যভাৰ চলাইছিল।দক্ষ প্ৰজাপতি এজন মহাপ্ৰতাপী, প্ৰবল ক্ষমতাশালী আৰু অহংকাৰী ৰজা আছিল।তেওঁক দেৱতাসকলৰো ৰজা হিচাপে জ্ঞান কৰা হৈছিল।ৰজা দক্ষৰ দুগৰাকী পত্নী আছিল প্ৰসূতি আৰু বিৰণী নামেৰে।প্ৰসূতিৰ পৰা দক্ষৰ ২৪ গৰাকী কন্যা,আৰু বিৰণীৰ পৰা ৬০ গৰাকী মুঠ ৮৪ গৰাকী কন্যা সন্তানৰ পিতৃ হ’ব পাৰিছিল।( Religious Studies )
সমস্ত দানৱ,গন্ধৰ্ব,অপ্সৰা,পশু-পক্ষী এই কন্যাকেইগৰাকীৰ পৰাই সৃষ্টি হৈছে।দক্ষৰ আটাইকেইগৰাকী জীয়ৰীকে কন্যা,দেৱী,যক্ষিণী,পিশাচিনী আদি নামেৰে জনা যায় আৰু প্ৰত্যেককে কিবা নহয় কিবা ৰূপত পূজা কৰা হয়।কিন্ত প্ৰজাপতি দক্ষৰ এজনী কন্যাও সমস্ত গুনৰ অধিকাৰী নাছিল।সেয়েহে তেওঁ কন্যাসকলক লৈ সন্তুষ্ট নাছিল।তেওঁ এনে এগৰাকী কন্যাৰ পিতৃ হ’ব বিচাৰে যিগৰাকী সৰ্বগুন সম্পৰ্ণা হওক,যি গৰাকী সৰ্ব শক্তি সম্পৰ্ণা হওক,যি গৰাকী সৰ্ব বিজয়িনী হওক ,যাতে সকলো মনুষ্যই পূজা কৰে।
ৰজা দক্ষ এজনী সৰ্বগুন সম্পৰ্ণা কন্যা সন্তান পোৱাৰ হাবিয়াসেৰে তপস্যা কৰিবলৈ ধৰিলে।বছৰ বছৰ ধৰি কঠোৰ তপস্যা কৰাৰ ফলত আদ্যা দেৱী সন্তুষ্ট হৈ স্বয়ম দক্ষৰ সন্মুখত প্ৰকট হ’ল।আদ্যা দেৱীয়ে ৰজাৰ তপস্যাৰ কাৰণ জানিব পাই কলে যে “হে ৰাজা মই তোমাৰ তপস্যাত বহু সন্তুষ্ট হৈছো।মই তোমাৰ মনৰ আশা পূৰণ কৰিম।মইয়েই তোমাৰ পুত্ৰী হৈ মোৰ লীলা প্ৰসাৰ কৰিম।মোৰ নাম হ’ব সতী”।।
আৰু এদিন আদ্যা দেৱী ৰজাৰ ঔৰসত প্ৰসুতিৰ গৰ্ভৰ পৰা সতী ৰূপেৰে জন্ম গ্ৰহণ কৰিলে।
💐দেৱী সতী ৰজা দক্ষৰ সকলো কন্যাতকৈ বেলেগ আৰু অলৌকিক আছিল।তেওঁ সৰ্ব গুনসম্পৰ্ণা আছিল।শিশু অৱস্থাৰ পৰাই দেৱী সতী নিজৰ দিব্য গুনেৰে কাৰ্য লীলা কৰি সকলোকে বিস্মিত কৰি তুলিছিল।লাহে লাহে দেৱী সতী বিবাহৰ যোগ্য হৈ পৰিল।ৰজা দক্ষ ও চিন্তিত হৈ পৰিল ,কেনেধৰণৰ বৰক নিজৰ জীয়ৰীক বিয়া দিয়াটো উচিত হ’ব বুলি ভাবি,কাৰণ সতী সাধাৰণ কন্যা নহয়।পুত্ৰীৰ বৰৰ নিৰ্বাচনৰ বাবে পিতা ব্ৰহ্মাৰ ওচৰত পৰামৰ্শ বিচাৰিলে।
ব্ৰহ্মাই ক’লে-সতী আদ্যা দেৱীৰ অৱতাৰ হয়।আদ্যা আদি শক্তি আৰু শিৱ আদি পুৰুষ,গতিকে সতীৰ বিবাহৰ বাবে কেৱল শিৱই যোগ্য আৰু উচিত হ’ব।
সমস্যাটো তাতেই হ’ল,প্ৰজাপতি দক্ষই কোনোপধ্যে শিৱক পছন্দ নকৰে।দক্ষৰ আৰাধ্যা দেৱতা ভগৱান বিষ্ণু।মনুষ্যই শিৱক ভগৱান হিচাপে মানাটো দক্ষই কেতিয়াও সহ্য কৰিব নোৱাৰে,তেওঁৰ মতে “শিৱ সুন্দৰ আৰু পৰিপাতি নহয়।শিৱই সদায় ডিঙিত সাপ আৰু গাত বাঘৰ ছাল পৰিধান কৰি জীৱন নিৰ্বাহ কৰা ঘৰ বাৰী নোহোৱা এজন অঘৰীহে,তেনে এজনক নিজৰ পুত্ৰীক বিয়া দিয়াটো উচিত নহয়”।।গতিকে ৰজাই বিমৰ্শ মনেৰে ব্ৰহ্মাৰ ওচৰৰ পৰা গুছি আহিলে।
💐ইফালে বিবাহৰ বাবে উপযুক্ত হোৱা কন্যা গৰাকীক বিয়া দিয়াটোও পিতৃৰ কতৰ্ব্য।সেই হেতুকে ৰজা দক্ষই নিজৰ ৰাজসভাত পুত্ৰী সতীৰ সয়ম্বৰ অনুষ্ঠান পাতে।সয়ম্বৰলৈ আমন্ত্ৰণ ক্ৰমে সকলো গন্ধৰ্ব,যক্ষ,দেৱতাসকল আহে।কিন্তু শিৱক আমন্ত্ৰণ নকৰা বাবে তেওঁ সয়ম্বৰলৈ নাহে।বৰং তেওক অপমান কৰাৰ উদ্দেশ্যে শিৱৰ মূৰ্তি বনাই একাষৰিয়াকৈ অতিথিসকলৰ কাষত ৰাখে।
সতীয়ে এই সকলো কথা গম পাই শিৱৰ প্ৰতি প্ৰেম আৰু অনুৰাগ সৃষ্টি হয়। বৰমালা পিন্ধোৱা সময় হোৱাত শিৱৰ মূৰ্তিটোতে বৰমালাডাল পিন্ধাই দিয়ে।সতীয়ে শিৱক পতি বৰণ কৰা গম পাই তেওঁ শ্বয়ং সতীৰ সন্মুখত প্ৰকট হৈ পত্নী হিচাপে স্বীকাৰ কৰে আৰু কৈলাশলৈ লগত লৈ যায়।ৰজা দক্ষৰ মনত শিৱৰ প্ৰতি প্ৰতিশোধৰ ভাৱ বেছিকৈ বাঢ়িবলৈ ধৰিলে।।
💮আৰু এবাৰৰ কথা। স্বৰ্গত ব্ৰহ্মাই ধৰ্ম নিৰূপনৰ বাবে এখন সভাৰ আয়োজন কৰিছিল।য’ত সকলো দেৱতা,ৰজা মহাৰজা সন্মিলিত হৈছিল।যেতিয়া সভাত প্ৰজাপতি দক্ষৰ আগমন ঘটিছিল,সকলো দেৱতাই উঠি তেওক প্ৰণাম কৰিছিল।কিন্তু শিৱ উঠিয়ে নিদিলে,এই ব্যৱহাৰত দক্ষ বহুত লজ্জিত অনুভৱ কৰে,তেওঁৰ মনত শিৱৰ প্ৰতি থকা প্ৰতিশোধৰ জুইকোৰা যেন আৰু বাঢ়িবলৈ ধৰিলে।
এই প্ৰতিশোধ পূৰাবলৈকে ৰজা দক্ষই এদিন যজ্ঞৰ আয়োজন কৰে।যজ্ঞলৈ কেৱল শিৱৰ বাহিৰে সকলো দেৱতা ৠষি মুনিসকলক আমন্ত্ৰণ কৰে।পিতাকৰ ঘৰত আয়োজন কৰা যজ্ঞৰ কথা গম পাই ভগ্নীসকলক লগ পোৱাৰ হাবিয়াস জাগি উঠে আৰু স্বামীকো ঘৰলৈ যাবলৈ লগ ধৰে।মা সতীৰ প্ৰস্তাৱত শিৱই উত্তৰ দিয়ে-
:দেৱী তোমাৰ দেউতাই মোক বেয়া পাই,সেইকাৰণে যজ্ঞলৈও নামাতিলে।গতিকে নামাতাৰ অনুষ্ঠানত যোৱাটো কেতিয়াও উচিত নহ’ব।বিয়াৰ পিছত কন্যা পিতৃৰ গৃহলৈ নিমন্ত্ৰণ নোপোৱাকৈ কেতিয়াও যাব নালাগে।গতিকে তুমিও যোৱাটো উচিত নহয়।।
ঘৰলৈ যাব বাধা দিয়াত মা সতী কান্দিবলৈ ধৰিলে।তেওঁ আকোৰগোজ কৰি ঘৰলৈ যোৱাৰ জিদ কৰে।শেষত ভগৱান শিৱই উপায় নাপাই তেওৰে এক সৃষ্টি বীৰভদ্ৰক সতীৰ লগত দক্ষৰ ঘৰত যাবলৈ অনুমতি দিলে।
💐সতী যেতিয়া ঘৰ পাই,ঘৰৰ মানুহ কোনেও মৰমেৰে সম্ভাষণ নজনালে আনকি ভালকৈ খবৰ ও নললে।দক্ষ ৰজাই নিজৰ অপছন্দৰ বৰলৈ বিয়া হৈ অপমান কৰি থৈ যোৱা পুত্ৰীক দেখি বিদ্ৰুপ কৰি হাঁহি উঠিল আৰু অপমান কৰিবলৈ ধৰিলে,,
:ইয়ালৈ পুনৰ মোক অপমান কৰিবলৈ আহিলানে?
তোমাৰ ভগ্নীসকলক চোৱা।মোৰ পছন্দত বিয়া হৈছে।আজি কিমান সুন্দৰকৈ আহিছে।গাত ভাল ভাল কাপোৰ পৰিধান কৰিছে।ডিঙি,হাঁত, কাণত সোন মণি মুকুতাৰ অলংকাৰ পিন্ধি আহিছে। তুমি নিজক চোৱা।গাত পৰিধান কৰা কাপোৰ খন ও লেতেৰা।তুমি কেনেকৈ সুন্দৰ হৈ থাকিবা?যাক বিয়া হ’লা সি তো স্মশানত থকা ভূঁতবিলাকৰহে নায়ক।এজন অঘৰীয়ে তোমাক কেনেকৈ উৰাব পিন্ধাব পাৰে?
🌼পিতাকৰ অপমানজনক শব্দবোৰ শুনিও মা সতী মৌন হৈ আছিল।যজ্ঞৰ আৰম্ভ হবলৈ ধৰিলে।যজ্ঞত আহুতিৰে অগ্নি দপ্ দপকৈ জ্বলিবলৈ ধৰিলে,যজ্ঞৰ সুগন্ধি চৌদিশে বিয়পিবলৈ ধৰিলে।মা সতীয়ে যজ্ঞৰ ফালে নমন কৰি চৌদিশে চাবলৈ ধৰিলে।সকলো দেৱতা,ৠষি মুনিসকল যজ্ঞৰ চাৰিওফালে থকা নিজৰ নিজৰ আসনবোৰ গ্ৰহণ কৰিলে,কিন্তু মা সতীয়ে নিজৰ স্বামীৰ আসনখন ক’তো দেখা নাপালে।মনটো চাটি ফুটি কৰিবলৈ ধৰিলে।উপায়ন্তৰ হৈ পিতাকক সুধিলে “হে পিতৃশ্ৰেষ্ঠ,যজ্ঞমন্দপত সকলোৰে আসন দেখিছো,কিন্তু কৈলাশপতিৰ আসন দেখা নাই।আপুনি তেওক আসন কিয় দিয়া নাই?”( Religious Studies )
দক্ষই গৰ্ব আৰু অহংকাৰেৰে কবলৈ ধৰিলে :তোমাৰ পতি শিৱ কোনো দেৱতা নহয়। সি ভূঁতৰ স্বামী,হাড়ঁৰ মালা পৰিধান কৰা এজন নাঙঠহে।সি দেৱতাৰ শাৰীতে নপৰে,তাক কোনে আসন দিব?
পিতৃৰ মুখত নিজৰ সন্মুসতেই পতিক কৰা এই অপমান শুনি সতীৰ চকুঁকেইটা ৰঙা হৈ পৰিল।তেওৰ গোটেই মুখমণ্ডল মহা প্ৰলয় সৃষ্টি হৈ সূৰ্য্যৰ ৰশ্মিৰ দৰে তেজোদীপ্ত হৈ পৰিল।অতি দুখেৰে ঠোকা ঠোকি মাতেৰে কবলৈ ধৰিলে–
:যি গৰাকী পুৰুষ কৈলাশৰ পতি,যি গৰাকী পুৰুষ মঙ্গলৰ প্ৰতিক,যি গৰাকী পুৰুষৰ এটা মাত্ৰ ক্ষণতে সমস্ত সৃষ্টি নষ্ট কৰি দিয়াৰ শক্তি আছে, তেওৱেই মোৰ স্বামী।অহ! সেই স্বামীজনক অপমান কৰা জানিও মই কেনেকৈ জীয়াই থাকো?নাৰীৰ কাৰণে নিজৰ স্বামীয়েই স্বৰ্গ।যি গৰাকী নাৰীয়ে নিজৰ স্বামীক কৰা অপমান বোৰো সহ্য কৰে তেওঁ নৰকলৈ যোৱাৰ যোগ্য।
“হে পৃথিৱী শুনা
“হে আকাশ শুনা
“হে দেৱতাসকল তোমালোক ও শুনা-মোৰ পিতৃয়ে মোৰ স্বামীক মোৰ সন্মুখতেই অপমান কৰিছে!এতিয়া আৰু মই এটা ক্ষণ ও জীয়াই থাকিব নিবিচাৰো”!!
সতীয়ে এই কথাখিনি কৈয়ে যজ্ঞৰ জ্বলি থকা অগ্নিকুণ্ডত জাপ মাৰি দিয়ে।যজ্ঞৰ আহুতিৰ লগতে সতীৰ শৰীৰটো ও জ্বলিবলৈ ধৰিলে।দেৱতা আৰু ৠষিমুনি সকল ভয়াৰ্ত হৈ যজ্ঞৰ পৰা পলাবলৈ ধৰিলে।বীৰভদ্ৰ এই সকলোবোৰ দেখি ক্ৰোধত কঁপিবলৈ ধৰিলে আৰু একে ঘাপে প্ৰজাপতি দক্ষৰ মূৰটো কাটি পেলালে।
শিৱই এই কথা শুনা তৎমুৰ্হুততে বতাঁহতকৈও তীব্ৰ গতিৰে যজ্ঞমন্দপত উপস্থিত হৈ সতীৰ জ্বলি থকা শৰীৰটো দেখি নিজৰ কথাকে পাহৰি যায়।সতীৰ প্ৰেম আৰু ভক্তি দেখি শিৱৰ হৃদয়খন ব্যাকুল হৈ পৰে।মনক বিজয় কৰিব পৰা শক্তি থকা শিৱৰ মন সতীৰ প্ৰেমত হাহাকাৰ কৰিবলৈ ধৰে। ভগৱান শিৱ উন্মুক্ত হৈ জ্বলি থকা পত্নীৰ শৰীৰটো নিজৰ কান্ধত আলফুলে তুলি স্বৰ্গ মৰ্ত্য পাতাল পত্নীক জীয়াই তুলিবলৈ ভ্ৰমিবলৈ ধৰিলে।
শিৱ আৰু সতীৰ এই অলৌকিক প্ৰেম দেখি পৃথিৱীখন শোকত থৰ হৈ ৰৈ গৈছিল,বতাঁহ হঠাৎ ৰৈ গৈছিল,বৈ থকা সাগৰ মহাসাগৰ নদ-নদীও স্থিৰ হৈ ৰৈ আছিল,আৰু দেৱতাসকলৰো শ্বাস-প্ৰশ্বাস ৰৈ গৈছিল।সমগ্ৰ সৃষ্টি কোলাহল কৰিবলৈ ধৰিলে,পশু পক্ষী সকলো অস্থিৰ হৈ পৰিল।সকলোৱে মাথো ত্ৰাহিৰাম !ত্ৰাহিৰাম কবলৈ ধৰিলে।সৃষ্টিৰ পৰিচালনা কৰা শিৱৰ অস্থিৰ ভয়ানক অৱস্থা দেখি সৃষ্টিৰ ৰক্ষক ভগৱান বিষ্ণু শিৱৰ পিছে পিছে আগবাঢ়িবলৈ ধৰিলে।জ্বলি উৱলি যোৱা সতীৰ শৰীৰটো শিৱই যিফালেই লৈ যাই,সেইফালেই বিষ্ণুৱে নিজৰ চক্ৰৰে সতীৰ আভূষণ আৰু দেহৰ অংগ কাটি যায়।আৰু এটা সময়ত সতীৰ গলি যোৱা দেহ আৰু আভূষণ পৃথিৱীত পৰি শেষ হৈ যায়।শিৱ বাস্তৱ অৱস্থালৈ ঘূৰি আহে যদিও বৈৰাগী হৈ সতীৰ বিৰহ লগত লৈ,বুকুত হাজাৰ দুখৰ যান্ত্ৰণা লৈ জগতৰ শান্তিৰ বাবে কৈলাশত তপস্যাত বহে।
💐এইদৰে পৃথিৱীৰ যি স্থানতে মা সতীৰ আভূষণ আৰু অংগৰ টুকুৰা পৰিছিল,তাতেই শক্তিপীঠৰ সৃষ্টি হৈছিল🙏🙏🙏
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।