নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই:–ৰাজ্যখনৰ ভিতৰতে অন্যতম পুৰণি তথা সম্ভ্ৰান্ত ক্ৰীড়া সংগঠন “নগাঁও ক্রীড়া সংস্থা”ৰ বাৰ্ষিক সাধাৰণ সভাখন ৰবিবাৰে জ্যেষ্ঠ উপ সভাপতি তপন কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় । নগাঁও স্প’ৰ্টছ ক্লাৱ পেভিলিয়নত অনুষ্ঠিত এই সভাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হোৱাৰ উপৰিও আগন্তুক চাৰি বছৰীয়া কাৰ্যকালৰ বাবে নতুনকৈ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় । নতুন কাৰ্যনিৰ্বাহক সমিতিখনলৈ বিধায়ক ৰূপক শৰ্মা বিনাপ্ৰতিদ্বন্দিতাৰে সভাপতিৰূপে নিৰ্বাচিত হোৱাৰ উপৰি সাধাৰণ সম্পাদকৰ পদত বিশিষ্ট ক্ৰীড়া সংগঠক তপন কুমাৰ দাস নিৰ্বাচিত হয় । সাধাৰণ সম্পাদক প্লাৱন বৰুৱাই ১৩টা ভোট লাভ কৰাৰ বিপৰীতে তপন কুমাৰ দাসে ৩৯টা ভোট লাভ কৰি মুঠ ২৬টা ভোটৰ ব্যৱধানত নিৰ্বাচিত হয়।ইফালে কোষাধ্যক্ষৰ পদত অসীম কুমাৰ ভাৱালে আমিনুল ইছলাম বক্সিক ২০টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। আনহাতে পাঁচজন উপ সভাপতিৰ পদত অভিজিৎ কুমাৰ নাথ,ডাঃ কৃষ্ণ কুমাৰ বৰা, তপন কুমাৰ শৰ্মা,প্ৰশান্ত কুমাৰ বৰা আৰু প্ৰদীপ কুমাৰ হাজৰিকা নিৰ্বাচিত হয়। নগাঁও ক্রীড়া সংস্থাৰ মনোনীত নির্বাচনী বিষয়া গুণদা কান্ত শৰ্মাই জনোৱা মতে দুজন যুটীয়া সম্পাদকৰ পদত উজ্জল বৰুৱা আৰু অমিতাভ বৰা,দুজন সহকাৰী সম্পাদকৰ পদত অৰ্পণ দাস আৰু সুৰুজ উদ্দিন আহমেদ নিৰ্বাচিত হয় । ক্ৰিকেট শাখাৰ সম্পাদকৰ পদত মৃণাল কুমাৰ হাজৰিকাই শোণিত কুমাৰ বৰুৱাক ২২টা,এথলেটিকছ শাখাৰ সম্পাদক পদত প্ৰণৱ কুমাৰ বৰদলৈয়ে অ’হিদুজ জামানক ১৮টা,ভলীবল শাখা সম্পাদকৰ পদত প্ৰশান্ত কুমাৰ দাসে পৰশু ৰাম মহেশ্বৰীক ২২টা,বেডমিণ্টন শাখাৰ সম্পাদকৰ পদত অনিল দাসে ৰনেন্দ্ৰ মোহন পণ্ডিতক ২৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰি নিৰ্বাচিত হয় । ইপিনে ৯জন কাৰ্যনিৰ্বাহক সদস্যৰ পদত আজহাৰউদ্দিন আহমেদ,বীৰেন কুণ্ডু,গৌৰীশংকৰ ৰয়,দেৱজ্যোতি গোস্বামী,সঞ্জয় কুমাৰ মাহাতু,তাপস ভাৱাল,হীৰকজ্যোতি বৰা,শুভ্ৰজ্যোতি শইকীয়া আৰু নিৰুপম মজুমদাৰ নিৰ্বাচিত হয় । ইতিপূৰ্বে খেলপথাৰ সম্পাদকৰ পদত দেৱজিৎ দাস,ফুটবল শাখাৰ সম্পাদকত প্ৰান্তৰ কুমাৰ ভট্টাচাৰ্য,জিমনাষ্টিকছ শাখাৰ সম্পাদকত এইছ কে এম ৰহমান, সাঁতোৰ শাখাৰ সম্পাদকত সমীৰ হাজৰিকা,টেবুল টেনিছ শাখাৰ সম্পাদকত ভৱজ্যোতি দাস,বাস্কেটবল শাখাৰ সম্পাদকত দিগন্ত বৰা,কেৰম শাখাৰ সম্পাদকত প্ৰেম কুমাৰ দাস আৰু কাবাডী শাখাৰ সম্পাদকৰ পদত ৰজত বৰদলৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল । উল্লেখ্য যে বৰ্তমানৰ কাৰ্যবাহী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাকে ধৰি সমাজ সংগঠক ব্ৰজেন কাকতি,ডাঃ মুকুট গোস্বামীকে ধৰি বিভিন্ন ক্লাৱৰ পৰা অহা ৫২গৰাকী প্ৰতিনিধি সদস্য উপস্থিত থকা সাধাৰণ সভাখনত অসম অলিম্পিক সন্থাৰ পৰা ৰাজ কাকতি আৰু ধ্ৰুৱজোতি কলিতা পৰ্যবেক্ষকৰূপে থাকে । নগাঁও ক্ৰীড়া সংস্থাৰ বাৰ্ষিক আয়-ব্যয়ৰো হিচাপ দাখিল কৰা হয় । সভাত ৪টা উপ-ক্ৰীড়া সংস্থা আৰু নতুনকৈ ৮টা ক্লাৱক স্বীকৃতি প্ৰদান কৰাৰ লগতে আন কেইবাটাও বিষয়ৰ ওপৰতো আলোচনা কৰা হয় । ঋতু পৰ্ণ শৰ্মা,নগাঁও