🔵 ১ জুলাইত নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ পৰা মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিছিল মিথানল ৰপ্তানিৰ।
🔵 দৈনিক ৫০০ টন মিথানল বাংলাদেশ, নেপাল, ভূটান আদি প্ৰতিবেশী ৰাষ্ট্ৰলৈ ৰপ্তানি কৰাৰ লক্ষ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৪ এপ্ৰিলত শুভাৰম্ভ কৰিছিল এই প্ৰকল্পৰ।
🔵 ইয়াৰ লগতে অসমে নুমলীগড় শোধনাগাৰত অংশীদাৰিত্ব বৃদ্ধি কৰিও পেট্ৰ’কেমিকেল ক্ষেত্ৰখন বিস্তাৰৰ লক্ষ্য লৈছে।
🔵 ৰাজ্য চৰকাৰৰ এই পদক্ষেপক টুইটযোগে প্ৰশংসা প্ৰধানমন্ত্ৰীৰ।
🔵 এনে পদক্ষেপে অসম তথা উত্তৰ-পূবৰ পেট্ৰ’কেমিকেল ক্ষেত্ৰখনক শক্তিশালী কৰিব বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ।