যোৱা ২৪ ঘন্টাত দেশৰ ৭খন ৰাজ্যত ভূমিস্খলন আৰু বানপানীৰ বিভিন্ন ঘটনাত ৫৬ জন লোকৰ মৃত্যু

1 min read

একে সময়তে মানালীত বিগত ৫২ বছৰীয়া বৰষুণৰ অভিলেখ ভংগ হৈছে। হিমাচলৰ মুখ্যমন্ত্ৰীয়ে আগন্তুক ২৪ ঘন্টা সকলোকে ঘৰতে থাকিবলৈ অনুৰোধ জনাইছে। ৰাজ্যৰ বহু নদী-খালত পানী বিপদসীমাৰ ওপৰেৰে বৈছে।

হিমাচলৰ দুটা স্থানতো ডাৱৰ বিস্ফোৰণৰ ঘটনা পোহৰলৈ আহিছে। কুল্লুৰ বিয়াছৰ লগতে পাৰ্বতী আৰু তীৰ্থন নদীতো উঠিছে ঢৌ। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত পানীৰ প্ৰচণ্ড সোঁতত উটুৱাই নিয়ে প্ৰায় ৬০খন বাহন। আনহাতে কুল্লুৰ কছাউলত ৬ খন বাহন উটুৱাই নিয়াৰ খবৰ পোৱা গৈছে। মানালীত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে হঠাৎ বানপানীয়ে এখন হোটেল উটুৱাই লৈ যায়।

দিল্লীতো ৪১ বছৰীয়া বৰষুণৰ অভিলেখ ভংগ হৈছে। দিল্লীতো ৰাস্তাবোৰ পুখুৰীসদৃশ হৈ পৰিছে। বিপদসীমাত আছে যমুনা নদী। দুপৰীয়া ১২ বজাত পুৰণি ৰেল দলঙত নদীখনৰ জলপৃষ্ঠ ২০৪.৩৬ মিটাৰ ৰেকৰ্ড হয়। যমুনাত বৃদ্ধি পোৱা জলপৃষ্ঠ সন্দৰ্ভত সকীয়নি দিয়া হৈছে।

পঞ্জাৱ আৰু হাৰিয়ানাৰ কিছু অংশত সোমবাৰেও একেৰাহে তৃতীয় দিন বৰষুণ অব্যাহত আছে। পঞ্জাৱত ছতলেজ নদীৰ সমীপৰ ১৫ৰ পৰা ২০খন গাঁও খালী কৰা হৈছে। পশ্চিম ৰাজস্থান আৰু গুজৰাটৰ পৰাও ধাৰাসাৰ বৰষুণৰ খবৰ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেওবাৰে এই ৰাজ্যসমূহৰ বাবে অহা ২৪ ঘণ্টাৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে। পশ্চিম উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে সোমবাৰে এই অঞ্চলসমূহৰ বাবে কমলা আৰু হালধীয়া সতৰ্কবাণী জাৰি কৰিছে।

ইয়াৰ উপৰিও ৰাজধানী দিল্লী, গুৰগাঁও আৰু নয়দাৰ প্ৰশাসনে সোমবাৰে বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে। বতৰ বিজ্ঞান বিভাগে প্ৰচণ্ড বৰষুণৰ মূল কাৰণ প্ৰবল পশ্চিমীয়া বতাহ বুলি প্ৰকাশ কৰিছে।

দিল্লীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী চৰণ সিঙে সংবাদ সংস্থা ANIক জনোৱা মতে, অহা দুদিনলৈ জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু পূব ৰাজস্থানত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

আনহাতে, সংবাদ সংস্থা পিটিআইয়ে চণ্ডীগড় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী এ কে সিঙৰ উদ্ধৃতি দি কয় যে, ‘আজিকালি দেশত বাৰিষাৰ লগতে পশ্চিমীয়া বতাহো সক্ৰিয় হৈ পৰিছে, যাৰ বাবে প্ৰচণ্ড বৰষুণ হৈছে।’ বতৰ বিজ্ঞান বিভাগে দেওবাৰে অহা ২৪ ঘন্টাৰ বাবে জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীত ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে। আনহাতে সোমবাৰে উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত ‘অৰেঞ্জ এলাৰ্ট’ আৰু অন্যান্য ৰাজ্যত ‘ইলো এলাৰ্ট’ জাৰি কৰা হৈছে।

হিমাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বিভিন্ন স্থানত আবদ্ধ হৈ পৰিছে পৰ্যটক, যাৰ বাবে উদ্ধাৰ অভিযান চলোৱা হৈছে। এই খণ্ডটোত মনালি চহৰত আবদ্ধ হৈ থকা ২০ জন পৰ্যটকক উদ্ধাৰ অভিযান চলাই নিৰাপদ স্থানলৈ লৈ যোৱা হয়। সোমবাৰে তৃতীয় দিনৰ বাবে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে প্ৰায় ৩০০ জন লোক।

হিমাচল প্ৰদেশৰ এই বিধ্বংসী বৰষুণৰ ফলত ৫ জন লোকৰ মৃত্যুৰ খবৰ আহিছে। ইয়াৰ উপৰিও বিভিন্ন স্থানত শিল খহি পৰাৰ বাবে চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈ পৰিছে। বিগত ২৪ ঘণ্টাৰো অধিক সময় ধৰি হোৱা বৰষুণৰ ফলত পথ, ৰেল আৰু বিমান সেৱা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ বাবেই জীৱন আৰু সম্পত্তিৰ বিপুল ক্ষতি হৈছে।

You May Also Like

More From Author