ৰাজ্যত পুনৰ এনকাউণ্টাৰ; আৰক্ষীৰ গুলীত আহত হৈছে এজন ড্রাগছ মাফিয়া

0 min read

মৰিগাঁৱৰ ধৰমতুল আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে ড্রাগছ মাফিয়াজন।

ঘটনা অনুসৰি মফিজুল হক নামৰ ধৃত ড্রাগছ মাফিয়াজনৰ পৰা আৰক্ষীৰ এছ টি এফৰ এটা দলে জব্দ কৰিছিল ডেৰ কোটি টকাৰ ড্ৰাগছ। ১৪৫ টা বাকচত সৰবৰাহ কৰা ড্ৰাগছখিনিৰ জব্দৰ পাছতেই আৰক্ষীয়ে অভিযুক্তগৰাকীক লৈ অভিযান চলাইছিল।

অভিযানকালত আৰক্ষীক আক্ৰমণ কৰি অস্ত্ৰ লৈ পলায়ন কৰাৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে দুই জাঁই কৈ গুলীৰে গুলীবিদ্ধ কৰে মফিজুলক। উল্লেখ্য মফিজুলৰ আক্ৰমণত আহত হৈছে ইন্দ্ৰজিৎ গগৈ নামৰ এজন আৰক্ষী কনিষ্টবল।

You May Also Like

More From Author