বৰক্ষেত্ৰী লাৰকুছিত ব্ৰহ্মপুত্ৰৰ মথাউৰি সংকটত…

1 min read

■বৰক্ষেত্ৰী লাৰকুছিত ব্ৰহ্মপুত্ৰৰ মথাউৰি সংকটত ।
■যিকোনো মহূৰ্তত চিঙিব পাৰে মথাউৰি।
■নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰীৰ পেৰাধৰা লাৰকুচিত ভগ্নপ্ৰায় মথাউৰিক লৈ আতংকিত হৈ পৰিছে হেজাৰ হেজাৰ লোক।
■মথাউৰিৰ গৰাখহনীয়াৰ ফলত জাহ গ’ল বাসগৃহ-মথাউৰি৷
■উল্লেখ্য যে জলসম্পদ বিভাগৰ অভিযন্তা ঠিকাদাৰৰ হেমাহিৰ ফলতেই বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে স্থানীয় লোকসকলে।
■খহনীয়াস্থলীত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তভ ৰয়, দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকাসহ আৰক্ষীৰ এটি বৃহৎ দল , জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈ খহনীয়া ৰোধৰ প্ৰচেষ্টা চলাই আছে।
■স্থানীয় ৰাইজৰ সহযোগত ক্ষীপ্ৰ গতিত মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই।
■চক্ৰ বিষয়া কৌস্তভ ৰয়ে ৰাইজক শংকিত নহ’বলৈ আহ্বান জনাইছে।

বৰক্ষেত্ৰীৰ পৰা ৰানা চৌধুৰীৰ প্ৰতিবেদন।

You May Also Like

More From Author