চাহ বাগিচাত কৰ্মৰত শ্ৰমিক সকলৰ ন্যায়, কল্যাণ আৰু নিৰপত্তাৰ হকে গঠন হোৱা ভাৰতীয় চাহ মজদুৰ সংঘৰ মংগলদৈ শাখাৰ বৈঠক অনুষ্ঠিত হয় | হাতিগড়ত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সভাপতি পৱন বেদিয়া |
ব্ৰিটিছৰ দিনৰে পৰা অসমৰ চাহ উদ্যোগটোৰ সতে জড়িত হৈ থকা চাহ শ্ৰমিক সকলক প্ৰতাৰণা কৰি অহা পৰিলক্ষিত হৈছে | চাহ শ্ৰমিক সকলে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি বিভিন্ন সময়ত চাহ বাগিচা সমূহৰ মালিক কৰ্তৃপক্ষ্য আৰু চৰকাৰৰ সৈতে আলোচনা-বিলোচনা কৰি আহিছে যদিও আজিওঁ কম পইছাৰে পাত চিঙি কোনোমতে পৰিয়াল পোহপাল দিছে | চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিক সকলৰ প্ৰতিটো সমস্যা,দাবী,অধিকাৰ,ন্যায়ৰ বাবে নৱগঠিত ভাৰতীয় চাহ মজদুৰ সংঘৰ মংগলদৈ শাখাৰ ওদালগুৰিৰ জিলাৰ হাতিগড়ত এক বৈঠক অনুষ্ঠিত হয় | বৈঠকত উপস্থিত থকা ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন বেদিয়া কয় যে, চাহ শ্ৰমিকৰ সমস্যা সমূহৰ সমাধান কৰাৰ বাবে যি সমূহ সংগঠনৰ জন্ম হৈছিল সেই সংগঠন সমূহে চাহ শ্ৰমিক সকলক প্ৰকৃত ন্যায় দিবলৈ সক্ষম হোৱা নাই | যাৰ বাবে আমি সংবিধানত উল্লেখিত চাহ শ্ৰমিক সকলৰ অধিকাৰ সমূহৰ বাবে যুঁজ দি আমাৰ চাহ শ্ৰমিক সকলক নিজৰ প্ৰাপ্য অধিকাৰ দিবলৈ সক্ষম হম | ইয়াৰোপৰি অনুষ্ঠানটোত উপস্থিত থকা মংগলদৈ শাখাৰ বিষয়ববীয়া সকলে বাগিচাৰ মালিক আৰু এগৰাকী শ্ৰমিকৰ মাজৰ সম্পৰ্ক মধূৰ কৰিবলৈ আহ্বান জনায় | কিয়নো কেতিয়াবা শ্ৰমিক সকলক কঠোৰ ভাষাৰে গালি গালাজ কৰাওঁ পৰিলক্ষিত হৈ বাগিচাৰ পৰিচালক সকল | ভাৰতীয় চাহ মজদুৰ সংঘই প্ৰতিগৰাকী চাহ শ্ৰমিকৰ ন্যায় তথা অধিকাৰৰ হঁকে সংগ্ৰাম কৰি যাব বুলি ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন বেদিয়াই জানিবলৈ দিয়ে |