কন্যা সন্তান জন্মিলে ২১,০০০ টকা, চৰকাৰৰ বাম্পাৰ আঁচনি!

1 min read

আজিও দেশত এনে বহু পৰিয়াল আছে যিসকলে কন্যা সন্তান জন্ম পালে অসন্তুষ্ট হয়। কন্যা আৰু পুত্ৰ সন্তানৰ মাজত ভেদাভেদ কৰে। এনে প্ৰাচীণ সামাজিক ধাৰণা সলনিৰ বাবেই এই পদক্ষেপ এইখন ৰাজ্য চৰকাৰৰ।

পুত্ৰ আৰু কন্যাৰ মাজত পাৰ্থক্য দূৰ কৰাৰ বাবে এইখন ৰাজ্যৰ চৰকাৰে চলাইছে ‘আপকী বেটী, হামাৰী বেটী’ আঁচনি। ইয়াৰ আওতাত কন্যা শিশুৰ জন্মৰ সময়ত ২১ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
আজিও দেশত এনে বহু পৰিয়াল আছে যিসকলে কন্যা সন্তান জন্ম পালে অসন্তুষ্ট হয়। কন্যা আৰু পুত্ৰ সন্তানৰ মাজত ভেদাভেদ কৰে। এনে প্ৰাচীণ সামাজিক ধাৰণা সলনিৰ বাবেই এই পদক্ষেপ এইখন ৰাজ্য চৰকাৰৰ।

এই আঁচনিৰ নাম ‘আপকী বেটী, হামাৰী বেটী’ (Aap Ki Beti Hamari Beti)। হাৰিয়ানা চৰকাৰে আৰম্ভ কৰিছে এই আঁচনি।

ৰাজ্যত কন্যা ভ্ৰুণ হত্যাৰ দৰে ঘটনা বন্ধ কৰিবলৈ, কন্যা সন্তানৰ সংখ্যা বৃদ্ধিৰ বাবে আৰু লিংগসমতা অনাৰ বাবে এই পৰিকল্পনা কৰিছে হাৰিয়ানা চৰকাৰে।

আচলতে হাৰিয়ানাৰ কন্যা ভ্ৰুণ হত্যাৰ সংখ্যা অভিলেখসংখ্যক হাৰত বেছি। কিন্তু বিষয়টো একেবাৰেই সেয়া সকলোৱে জানে। এই ঘটনা ৰোধ কৰাৰ বাবে হাৰিয়ানাৰ মহিলা আৰু বাল বিকাশ মন্ত্ৰণালয়ৰ ফালৰ পৰা এই সিদ্ধান্ত লোৱা হৈছে।

লিংগ বৈষম্য দূৰ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে এক বিশেষ উদ্যোগ। জানিব পৰা মতে, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোক আৰু সমাজৰ পিছপৰা জাতিসমূহৰ পৰিয়ালত কন্যা সন্তান জন্ম হ’লে ২১ হাজাৰ টকা দিয়া হ’ব পৰিয়ালক।

এই ধন হাতে হাতে দিয়া নহয়। সেই কন্যাগৰাকীৰ ১৮ বছৰ সম্পূৰ্ণ হ’লে বেংকৰ পৰা এই ধন উলিয়াব পাৰিব পৰিয়ালে।

আঁচনি মতে, ২০১৫ চনৰ পিছত যিসকল কন্যা সন্তানৰ জন্ম হৈছে তেওঁলোক সকলোৱে এই সুবিধা লাভ কৰিব। এই আঁচনিৰ সুবিধা পাবলৈ হ’লে সন্তানৰ পিতৃ–মাতৃ অৱশ্যে হাৰিয়ানাৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

জানিব পৰা মতে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকল আৰু পিছপৰা জাতিৰ পৰিয়ালত কন্যা সন্তান জন্ম হ’লে ২১ হাজাৰ টকা দিয়া হ’ব।

ইয়াৰ বাবে প্ৰথমে এই আঁচনিৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব। তাত গৈ লগইন কৰিব লাগিব। তাত স্কীম ফৰ চাইল্ডৰ এটা অপচন পাব। তাত ক্লিক কৰিলে ‘আপকী বেটী হামাৰা বেটী’ আঁচনিৰ বিকল্প দেখিব।

এই অপচনত ক্লিক কৰাৰ পিছত এই আঁচনি সম্পৰ্কীয় ফৰ্ম খোল খাব। কন্যাৰ নামৰ পৰা আৰম্ভ কৰি যাৱতীয় নথি সংলগ্ন কৰি ফৰ্ম ফিলআপ কৰিব লাগিব। ইয়াৰ পিছত ছাবমিট অপচনত ক্লিক ককিৰেল আপোনাৰ কাম সম্পূৰ্ণ হৈ যাব।

You May Also Like

More From Author