গুলী খায়ো DIG ৰ মোবাইল ক’ত বিক্ৰী কৰিলে স্বীকাৰ কৰা নাই অভিজিতে

1 min read

অসম আৰক্ষীৰ DIG বিবেক ৰাজ সিঙৰ মোবাইল থপিয়াই নিয়া চোৰক এনকাউণ্টাৰ। গুলী খায়ো DIGৰ মোবাইলৰ সন্ধান দিয়া নাই অভিজিৎ ৰাভাই। মহানগৰীত চুৰি মোবাইল কিনা খলনায়কো গুলীবিদ্ধ। একে নিশাই দুটা মোবাইল চোৰক গুলীবিদ্ধ কৰি অপৰাধীক কঠোৰ সকিয়নি মহানগৰ আৰক্ষীৰ। DIG বিবেক ৰাজ সিঙৰ মোবাইল লুটি নিয়াৰ দুঃসাহস কৰা অভিজিৎ ৰাভাৰ লগতে আৰক্ষীৰ গুলীয়ে বিদ্ধ কৰিলে চুৰি মোবাইল কিনা মহিবুল হকক। আনকি DIG বিবেক ৰাজ সিঙৰ মোবাইল লুটি নিওতে গুলীবিদ্ধ চোৰ অভিজিৎ ৰাভাই পিন্ধা চোলা-পেণ্ট আৰু চেন্দেলো জব্দ কৰিছে আৰক্ষীয়ে।

শেহতীয়াকৈ গুৱাহাটীত বৃদ্ধি পাইছে মোবাইল আৰু চেইন চুৰিৰ ঘটনা। CCTV ত বন্দী হোৱা তেনে কেইবাটাও ঘটনাৰ দৃশ্য পৰীক্ষা কৰি গীতানগৰ আৰক্ষীয়ে জালত পেলালে ধনজিৎ বড়ো ওৰফে নাগা, সনজিৎ বৈশ্য, বিশ্বজিৎ ৰাভা, বিশ্বজিতৰ ভায়েক অভিজিৎ ৰাভা আৰু অজয় ওৰফে উজ্জল ৰাভাক। বিপৰীতে পানবজাৰ থানাৰ গোচৰত চুৰি মোবাইল কিনা মহিবুল হকক দক্ষিণ শালমৰাৰ পৰা গ্ৰেপ্তাৰ কৰিলে মহানগৰ আৰক্ষীয়ে।

উল্লেখযোগ্য যে, গ্ৰেপ্তাৰৰ পাছত চুৰি কৰোতে ব্যৱহাৰ কৰা স্কুটি দেখুৱাবলৈ অভিজিতে বোন্দালৈ লৈ গৈছিল আৰক্ষীক। তেতিয়াই ড্ৰাগছ আসক্ত অভিজিতে পলোৱাৰ চেষ্টা কৰোতে গৰজি উঠিল আৰক্ষীৰ বন্দুক। বিপৰীতে একে পৰিস্থিতিত বিৰুবাৰীত আৰক্ষীৰ গুলীয়ে বিদ্ধ কৰিলে চুৰি মোবাইল কিনা মহিবুল হকক।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে মোবাইল চোৰৰ চাঞ্চল্যকৰ তথ্য। প্ৰতিটো অভিযুক্তই ড্ৰাগছ আসক্ত। ড্ৰাগছ কিনিবলৈ প্ৰতিটো অভিযুক্তই মোবাইল আৰু চেইন লুটি নিয়ে বুলি ভাষ্য আৰক্ষীৰ। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে চুৰি মোবাইল কিনা চক্ৰৰো সবিশেষ। এই চক্ৰৰ মুল খলনায়ক মহিবুল হক। গুৱাহাটীৰ সিজুবাৰী আৰু কটাহবাৰীৰ ভাড়াঘৰত থাকি পানীৰ দামত চুৰি কৰা মোবাইল কিনি আঁতৰি যায় দক্ষিণ শালমৰাৰ মহিবুল হক।
আনকি আৰক্ষীৰ জালত পৰা গুলীবিদ্ধ অভিজিৎ ৰাভাৰ ককায়েক বিশ্বজিৎ ৰাভাই ডমিন’জৰ ডেলিভাৰী বয় হিচাপে কাম কৰাৰ কথাও পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত। ডেলিভাৰী বয় হিচাপে ইফালে সিফালে যোৱাৰ সময়তে বিশ্বজিৎ ৰাভাই টাৰ্গেট কৰে সাধাৰণ লোকক। DIG বিবেক ৰাজ সিঙৰ দৰে শীৰ্ষ আৰক্ষী বিষয়াৰ মোবাইল চুৰি কৰি নিয়াৰ দুঃসাহস কৰা ড্ৰাগছ আসক্ত গেঙটোৰ গ্ৰেপ্তাৰৰ পাছত মহানগৰীত অপৰাধ কমিব বুলি আশা মহানগৰ আৰক্ষী আয়ুক্তৰ।

You May Also Like

More From Author