ঘৰৰ ভিতৰত কেনে ছবি আঁৰি ৰখাটো শুভ লক্ষণ নহয়, ফেংছুইৰ দিহা

1 min read

এপাহ সতেজ ফুলৰ ছবিয়ে মানুহৰ মনত যি ভাবৰ উদ্রেক ঘটাব, ৰক্তপাত অথবা যুদ্ধ-বিগ্ৰহৰ ছবিয়ে মানুহৰ মনত আন এক ভাবৰহে সঞ্চাৰ কৰিব। এই ক্ষেত্ৰত ফুলৰ ছবিয়ে মানুহৰ মন প্রফুল্লিত তথা শান্ত কৰি তোলাৰ বিপৰীতে যুদ্ধ-বিগ্রহ, ৰক্তপাত, হিংসাত্মক দৃশ্যৰ ছবিয়ে মানুহৰ মনত হিংস্ৰতাৰ ভাব জগাই তোলে। এনেধৰণৰ হিংসাত্মক ছবি যদি ঘৰৰ দক্ষিণ-পশ্চিম দিশত আঁৰি থোৱা হয় তেন্তে এনে ছবিৰ কু-প্ৰভাৱ আৰু বেছি বৃদ্ধি পায়।

এনে ছবিৰ পৰা অনবৰতে এক অশুভ শক্তি নির্গত হৈ থাকে। যি অশুভ শক্তিয়ে ঘৰৰ সদস্যসকলৰ মন অস্থিৰ তথা অশান্ত কৰি ৰাখে। এনে হিংসাত্মক ছবি থকা ঘৰত কেতিয়াও শান্তি স্থায়ী হ’ব নোৱাৰে। সদায় তেনে ঘৰত হাই-কাজিয়া, মাৰপিট আদি ঘটনা ঘটি থাকে। বহুতেই ঘৰত কুৰুক্ষেত্ৰৰ যুদ্ধৰ ছবি আঁৰি থয়। এই যুদ্ধৰ সৈতে ভগৱান শ্ৰীকৃষ্ণ জড়িত আছিল যদিও যুদ্ধৰ ছবি হোৱাৰ বাবেই এনে ছবিয়ে ঘৰৰ ভিতৰত অশুভ শক্তিৰহে প্ৰভাৱ বিস্তাৰ কৰে। সেয়ে পৌৰাণিক কোনো যুদ্ধৰ ছবি হ’লেও সেই ছবি ঘৰৰ ভিতৰত কেতিয়াও আঁৰি থ’ব নালাগে।

ভগৱান শ্রীকৃষ্ণই  অৰ্জুনক উপদেশ দি থকাৰ ছবি প্ৰায়ে বহুতে ঘৰত আঁৰি থোৱা দেখা যায়। এনে ছবিও শুভ ফলদায়ক নহয়। কাৰণ শ্ৰীকৃষ্ণই অর্জুনক উপদেশ দি থক স্থানডোখৰ কোনো আশ্রম অথবা দেৱস্থান নহয়, সেয়া ৰণক্ষেত্ৰহে। সেইবাবে এনে ছবিও ঘৰত আঁৰি থোৱা উচিত নহয়। এনে ছবিয়ে মানুহৰ মনোজগতত গভীৰভাৱে ৰেখাপাত কৰে আৰু মানুহক হিংস্ৰ কৰি তুলিব পাৰে। সেয়ে ভাল লাগিলেও কিছুমান ছবি ঘৰৰ ভিতৰত আঁৰি ৰাখিব নালাগে।

You May Also Like

More From Author