চুবুৰীয়া দেশ পাকিস্তানৰ সৈতে ভাৰতৰ ৰাজনৈতিক সম্পৰ্ক ভাল নহ’লেও শেহতীয়াকৈ দুয়োখন দেশৰ মানুহে ইজনে সিজনক বিয়া কৰাই বাতৰিৰ শিৰোনাম পাবলৈ ধৰিছে। প্ৰথমে সীমা, তাৰ পিছত অঞ্জু আৰু এতিয়া যোধপুৰৰ এগৰাকী উকীলে কৰাচীৰ এগৰাকী মহিলাক অনলাইনযোগে বিয়া কৰাইছে।
টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি যোৱা সপ্তাহত আৰ্বাজ আৰু আমিনাৰ বিয়া হয়তো পৰম্পৰাগত বিয়াৰ দৰে নাছিল যদিও কোনো ধৰণৰ হুলস্থুল আৰু কোলাহল নোহোৱাকৈ কাজীয়ে তেওঁলোকক অনলাইনত বিয়া কৰাই দিলে আৰু ইয়াক যোধপুৰ আৰু কৰাচী দুয়োখন চহৰতে ডাঙৰ ডাঙৰ এল ই ডি পৰ্দাত দেখুওৱা হ’ল।
যোৱা সপ্তাহৰ ২ আগষ্টত সংঘটিত হোৱা এই নিকাহৰ সন্দৰ্ভত দৰাৰ পিতৃ মহম্মদ আফজালে কয়, ‘আমি ইতিমধ্যে পাকিস্তানত থকা আত্মীয়ৰ জৰিয়তে ৰোকা বনাইছিলো আৰু আমিনাৰ ভিছাৰ বাবে অপেক্ষা কৰি আছিলো। তাৰ পিছত ভিছা প্ৰক্ৰিয়াত পলম হ’ল, গতিকে আমি দুয়োকে অনলাইনত বিয়া কৰাবলৈ সিদ্ধান্ত ল’লোঁ।”