নাৰীক বিয়া কৰিবলৈ পুৰুষে যৌতুক লোৱাটো কিমান যুক্তি সংগত ?

1 min read

ফুলশয্যাৰ নিশা সুন্দৰকৈ সজাই ৰখা বিছনা খনত অনামিকাক অকলশৰে বহুৱাই সকলো ওলাই গৈছিল। ১০ মিনিট পাছত নয়ন কোঠালীটোলৈ সোমাই আহিল।আৰু নয়ন আহি অনামিকাৰ কাষ পোৱা মাত্ৰকে তাই খঙত বিছনাৰ পৰা জাপ মাৰি উঠিল আৰু কাষতে থকা চ’ফা খনত গৈ বহিল।নয়নে এই খঙৰ কাৰণ সোধাত অনামিকাই খঙেৰে উত্তৰ দিলে,”আপোনাক পত্নী নহয় যৌতুকহে লাগিছিল।এতিয়া আপুনি সেই ধন খিনিৰ সৈতেই থাকক,আপোনাৰ দৰে মানুহক মই কেতিয়াও নিজৰ স্বামী হিচাপে মানি লব নোৱাৰো।” অৱশেষাত খঙত তাই চ’ফাতে শুই গল।তাইৰ খঙ দেখি নয়নে কিবা এটা কোৱাটো উচিৎ হব বুলি নাভাবিলে।ঘৰত বহুতো আলহী তথা পৰিয়ালৰ লোক আছিলহি,সেয়ে সকলোৰে সন্মূখত কোনো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহওক বুলিয়ে সিও মনে মনে শুই গল।

পিছৰ দিনটো নিয়ম-নীতি আৰু আলহীক বিদায় সম্ভাষণ জনাওতেই পাৰ হল।অনামিকাই সকলোৰে সৈতে হাঁহি মুখেৰেই কথা পাতিছিল কিন্তু নয়নক দেখা মাত্ৰকে তাই খঙত জ্বলি উঠিছিল।।নয়নে হাঁহি ধেমালীৰ মাজেৰে বহুবাৰ অনামিকাক ফুচুলোৱাৰ চেষ্টা কৰিছিল কিন্তু তাইৰ খঙ সেই একেদৰেই আছিল।দুয়োৰে এৰেঞ্জ মেৰেজ হৈছিল,শহু-শাহুৰ লগত নয়নে তাইক চাবলৈ আহিছিল,তেতিয়া সকলো থিক জানেই লাগিছিল।সহজ-সৰল শিক্ষিত লোক,অলপ ৰসাল স্বভাবৰ নয়নক তাইও একেবাৰতে পচন্দ কৰি পেলাইছিল।শহুৰে তাইৰ দেউতাকক কৈছিল,বিবাহৰ ক্ষেত্ৰত আমি কোনো লোৱা দিয়াত বিশ্বাস নকৰো।কিন্তু আপুনি যেতিয়া নিজৰ কন্যাক আমাক গতাই দিছে তাৰ বাবদ আমিও আমাৰ পুত্ৰ আপোনাক গতাইছো।আজিৰ পৰা নয়নক জোৱাই নহয় নিজৰ পু্ত্ৰ হিচাপে মানিব।তেওঁলোকৰ বিচৰ ধাৰা শুনি অনামিকা যথেষ্ট আনন্দিত হৈছিল।স্বাভিমানি অনামিকাই যৌতুক সদায়ে বেয়া পাইছিল।আঙঠী পিন্ধোৱা আৰু বিয়াৰ দুমাহৰ ব্যৱধানত কেতিয়াও এনে নালাগিছিল যে নয়ন লুভীয়া হব।বিয়া এসপ্তাহৰ আগত অনামিকাৰ মাক হঠাৎ বেমাৰত পৰাত তেওঁক এন্জিঅ’গ্ৰাফী কৰিব লগা হৈছিল।

অনামিকাই বয়াখন পিছোৱাব বিছাৰিছিল কিন্তু মাকে নামানিলে।বিয়াৰ দিনা হুমৰ অন্তত যেতিয়া তাই নিজ ঘৰৰ পৰা বিদায় লবলৈ প্ৰস্তুত হৈ আছিল,তেতিয়া কাষৰ কোঠালী এটত নয়ন আৰু তাইৰ দেউতাকৰ কথোপকথন শুনা পালে।সেয়ে তাই কোঠালীটোৰ খিৰিকীয়েদি দেখে যে,দেউতাকে নয়নৰ সন্মূখত হাত জোৰ কৰি কৈ আছিল, “মই অতি সোনকালেই পাঁচ লাখ টকাটো তোমাক দি দিম জোৱাই।” নয়নে দেউতাকৰ দুহাতত খামোচ মাৰি ধৰিছিল আৰু কৈছিল, “এইবোৰৰ বিষয়ে আমি পাছটো পাতিব পাৰিম,এতিয়া আপুনি কইনাক বিদায় দিয়াৰ ব্যৱস্থা কৰক,আৰু এই বিষয়ে অনামিকাই যাতে একো গম পাব নোৱাৰে।”

অনামিকাই ইমানেই শুনা পাইছিল আৰু তাৰ পৰা আঁতৰ হৈছিল।তাইৰ নয়নৰ প্ৰতি বহুত খঙ উঠিছিল,শিক্ষিত নয়নৰ পৰা এনে আশা কেতিয়াও কৰা নাছিল অনামিকাই।এবাৰ তাই ভাবিছিল যে,চিঞৰ-বাখৰ লগাই পৰিস্থিতি বেয়া কৰি পেলাম বুলি।কিন্তু মাকৰ স্বাস্থ্য আৰু দেউতাকৰ সন্মানৰ কথা চিন্তা কৰি তাই ৰৈ গৈছিল।তাই থিৰাং কৰিছিল যে নয়নক এসেকা দিহে এৰিব।সেয়ে তাই শহুৰবাৰী আহিল যদিও নয়নক নিজৰ স্বামী মৰ্য্যাদা দিয়া নাছিল।

দ্বিতীয় নিশা পুনৰ নয়নে সোধিলে, “প্ৰকৃততে হৈছে কি ? কিয় মোৰ ওপৰত ইমান খং ? বিয়াৰ পূৰ্বেটো এনে নাছিল,কিবা ভুল হৈছে যদি কৈ দিয়া মই শুধৰাই লম।”

অনিমিকাই কলে, “কথা এনেদৰে কৈছা যেন একো গমকে নোপোৱা।ভুলটো মোৰহে হল,কাৰন তোমাক ভালদৰে চিনি নাপালো।”

নয়নে তাইক বহুত বুজনি দিবলৈ চেস্তা কৰিলে কিন্তু তাই একো এটা শুনিবলৈকে মান্তি নাছিল।এনেদৰে দুটামান দিন যোৱাৰ পিছত আঠমঙলাৰ বাবে তাইৰ নিজ গৃহলৈ যাব লগা হল।ঘৰলৈ আহিয়ে সকলোকে লগ পাই বহুত কান্দীলে।আৰু দেউতাকক অকলশৰে এটা কোঠালীলৈ লৈ গল।আৰু খঙত কবলৈ ধৰিলে, ” আপুনি জানে নহয় আপোনাৰ জীয়ৰী কিমান স্বাভিমানি হয়,তেন্তে কিয় মোৰ বিবাহ যৌতুকৰ লুভ থকা নয়নৰ দৰে এজন ব্যক্তিৰ সৈতে কৰালে ? এবাৰটো মোক অন্তত কব পৰিলে হয় যে,সি পাঁচ লাখ টকা বিছাৰিছে বুলি।”( Storyboard )

অনামিকাৰ কথা শুনি দেউতাক অলপ সময়ৰ বাবে অবাক হৈ পৰিল আৰু কব ধৰিলে, “এনেকোৱাটো একো হোৱা নাই, নয়নেটো কেতিয়াও একো বিছৰা নাই।”

অনামিকাই কলে, “মোক বিদায় দিয়াৰ বেলিকা মই আপোনালোক দুয়োৰে কথোপকথন শুনিছো,মই সকলো জানো।”

তেতিয়া দেউতাকে কব ধৰিলে, “তোমাৰ বিয়াৰ প্ৰস্তুতিত মোৰ সকলো সাচতিয়া ধন ব্যয় হৈ গৈছিল,তেনেকোৱাতে তোমাৰ মাৰও বেমাৰত পৰাত পাঁচ লাখ টকাৰ খোবেই প্ৰয়োজন আহি পৰিছিল।মিতিৰ-কুতুমৰ ওচৰত হাত পাতিও ধনৰ ব্যৱস্থা কৰিব নোৱাৰাত মই লোন লোৱাৰ কথা চিন্তা কৰিছিলো।তেনেকোৱাতে নয়ন চিকিৎসালয়লৈ মাৰ খবৰ কৰিবলৈ আহিছিল আৰু কৈছিল যে,আপুনি চিন্তা নকৰিব চিকিৎসালয়ৰ খৰচ সকলো মই বহন কৰিম,কাৰন এতিয়া এখেত মোৰো নিজৰ মাৰ দৰেই হয়।মই তেওঁক কৈছিলো যে লাহে লাহে তোমাৰ সকলো টকা ঘোৰাই দিম বুলি, কিন্তু সি মান্তি নহৈছিল।আৰু কৈছিল যে,এতিয়া আৰু সেই পাঁচ লাখ টকাৰ বিষয়ে কোনো কথা পতা নহব।আৰু তোমাকো এই বিষয়ে কবলৈ মনা কৰি দিছিল যাতে তুমিও মনত এটা বোজা লৈ নাথাকা।

সকলোবোৰ শুনি অনামিকা পুনৰ কান্দী পৰিল।এটা সপ্ততাহ ধৰি নয়নক যৌতুকক লৈ বহু ককৰ্থনা কৰি থাকিল, কিন্তু নয়নে সকলো সহ্য কৰি গল।কিমান উচ্ছ চিন্তাৰ এজন লোক হয় নয়ন।

ইয়াৰ পিছত তাই কোঠালীৰ পৰা ওলাই আহিল আৰু আনন্দ মনেৰে পৰিয়ালটোৰ সৈতে কথা-বতৰা পাতি আঠমঙলা খাই নয়নৰ সৈতে নিশা শহুৰেকৰ ঘৰলৈ আহিল।

নিশা যেতিয়া নয়ন নিজৰ কোঠালীলৈ আহিল তেতিয়াৰ অনামিকা বিছনাত বহি আছিল।নয়নে কলে, “আজি চ’ফাত নুশুৱা নেকি ?”

অনামিকাই কলে, “নুশু”

নয়নে পুনৰ কলে, “তেন্তে মোক চ’ফাত শুৱাবৰ মন কৰিছা নি ?”

তেতিয়া অনামিকাই তাক সকলো কলে আৰু নিজৰ ভুল মানি লৈ ক্ষমাও খোজিলে।নয়নে তাইক দুবাহুৰ মাজলৈ টানি আনি ধেমালীৰ সুৰেৰে সোধিলে, “তেন্তে আজি চ’ফাখন খালি হৈয়ে থাকিব।”

দুয়ো হাঁহি পৰিল,বহু কথা পাতিলে, ইজনে সিজনক বহু মৰম কৰিকে,আৰু আধৰুৱা হৈ থকা ফিলশয্যাৰ নিশাটো আজি হে যেন সম্পূৰ্ণ হল।

You May Also Like

More From Author