পৰকীয়া প্ৰেমৰ পৰিণতি! শাৰীৰিক সম্পৰ্ক প্ৰত্যাখ্যান কৰাৰ বাবেই লিভ-ইন-পাৰ্টনাৰৰ ডিঙিত বহুৱালে স্ক্ৰু-ড্ৰাইভাৰ

1 min read

শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে নিজৰ লিভ-ইন-পাৰ্টনাৰক স্ক্ৰু ড্ৰাইভাৰেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে উত্তৰ প্ৰদেশৰ এজন ব্যক্তিৰ বিৰুদ্ধে। অভিযুক্ত আৰু ভুক্তভোগী দুয়োজনেই বিবাহিত আৰু পৰকীয়া প্ৰেমৰ সম্পৰ্কত আছিল বুলি জানিব পৰা গৈছে। গুৰুগ্ৰামৰ হাৰিয়ানাত সংঘটিত হোৱা এই ঘটনাৰ পিছতে শুকুৰবাৰে ৰাজীৱ চ’ক এলেকাৰ পৰা অভিযুক্ত শিৱম কুমাৰক গ্ৰেপ্তাৰ কৰি সদৰ থানাত এজাহাৰ ৰুজু কৰা হয়।

PTIত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশৰ বাসিন্দা, ২৮ বছৰীয়া অভিযোগকাৰীগৰাকীয়ে বৃহস্পতিবাৰে শিৱমে তেওঁক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল বুলি অভিযোগ উত্থাপন কৰিছে। আৰু অভিযোগকাৰী মহিলাগৰাকীয়ে তাক প্ৰত্যাখ্যান কৰাৰ সময়তে শিৱমে মহিলাগৰাকীক ডিঙিত স্ক্ৰু ড্ৰাইভাৰেৰে আঘাত কৰা বুলি অভিযোগ উঠিছে।

মহিলাগৰাকীয়ে তেওঁৰ এজাহাৰত লিখিছে যে তেওঁ স্বামীৰ পৰা পৃথকে গুৰুগ্ৰামৰ ভাড়াঘৰ এটাত বাস কৰিছিল য’ত তেওঁ উত্তৰ প্ৰদেশৰ কননাউজৰ বাসিন্দা শিৱম কুমাৰক লগ পাইছিল। মহিলাগৰাকীয়ে নিজৰ এজাহাৰত কয় যে, “আমি আমাৰ লিভ-ইন-ৰিলেচন আৰম্ভ কৰাৰ কিছুদিন পিছতে শিৱমে মোৰ লগত বিয়া পতাৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। শেহতীয়াকৈ মই গম পালোঁ যে শিৱম বিবাহিত। বৃহস্পতিবাৰে সন্ধিয়া তেওঁ বাইকত আহি মোক পুনৰ তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ জোৰ কৰিলে। মই নাকচ কৰাৰ সময়ত তেওঁ খং কৰি মোৰ ডিঙিত স্ক্ৰু ড্ৰাইভাৰেৰে আঘাত কৰি পলাই যায়।” অভিযোগকাৰীয়ে লগতে কয় যে তেওঁৰ ওচৰ-চুবুৰীয়াই লৰালৰিকৈ আহি তেওঁক চিকিৎসালয়লৈ লৈ যায়।

অভিযোগৰ পিছতে গোচৰ ৰুজু কৰা হয় আৰু নাহৰপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত উপ-পৰিদৰ্শক সন্দীপ কুমাৰৰ নেতৃত্বত এটা দলে অভিযুক্ত শিৱম কুমাৰক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। “শুকুৰবাৰে ৰাজীৱ চ’কৰ পৰা গ্ৰেপ্তাৰ কৰি আমি জেৰা কৰি আছো। শনিবাৰে তেওঁক মহানগৰ আদালতত হাজিৰ কৰোৱা হ’ব”, বুলি জানিবলৈ দিয়ে এচিপি (অপৰাধ) বৰুণ দহিয়াই।

দুমাহ পূৰ্বে তেলেংগানাত অচিনাক্ত দুষ্কৃতিকাৰীয়ে এগৰাকী ১৯ বছৰীয়া কিশোৰীক স্ক্ৰু ড্ৰাইভাৰেৰে চকুত আঘাত কৰি ডিঙিতো ব্লেডেৰে কাটি আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল। এই প্ৰাণঘাতী আক্ৰমণৰ পিছতে কিশোৰীগৰাকীৰ মৃত্যু হোৱাৰ পিছতে পুখুৰীত উদ্ধাৰ হয় মৃতদেহ।

আনহাতে, যোৱা বছৰৰ ডিচেম্বৰ মাহত ছত্তীশগড়ৰ কোৰবা জিলাত এজন লোকে এগৰাকী ২০ বছৰীয়া যুৱতীক বাৰে বাৰে স্ক্ৰু ড্ৰাইভাৰেৰে আঘাত কৰি হত্যা কৰিছিল। মহিলাগৰাকীয়ে লোকজনৰ সৈতে কথা পাতিবলৈ অস্বীকাৰ কৰাৰ বাবেই এই আক্ৰমণ সংঘটিত হোৱা বুলি আৰক্ষীয়ে জনাইছিল। এই অস্বীকাৰত ক্ষুব্ধ হৈ অভিযুক্তই ৫১ বাৰ ছুৰীৰে আঘাত কৰিছিল

You May Also Like

More From Author