সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

1 min read

কেশৱ কমলাকান্ত অনন্ত অনাদি ৷
নিত্য নিৰঞ্জন শুদ্ধ বুদ্ধ বেদ বাদী ৷৷

ভগৱান অনন্ত গুণৰাশিৰ মূৰ্ত্তি ৷ তেওঁৰ অৱতাৰী লীলাত গুণবোৰ প্ৰকাশ পায় ৷ তেওঁৰ গুণবিলাকহে হৰি নাম বোলা হয় ৷ ভগৱানৰ নাম কেশৱ-ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰৰো পৰমেশ্বৰ ৷ কইশ পদে ব্ৰহ্মা,বিষ্ণু-মহেশ্বৰ ,ৱপদে নাৰায়ণ ,তিনিকো আছয় চান্দি এহিহেতু কেশৱ বোলয়

কমলাকান্ত—লক্ষ্মীপতি মাধৱ ৷

অনন্ত—দেশে কালে একোৱে ভগৱানৰ আদি–মূল বিচাৰি নাপায় ৷ ঈশ্বৰে জগতৰ সৃষ্টি কোনদিনা আৰম্ভ কৰিছিল—ইয়াৰ কোনেও সীমা নিৰ্ণয় কৰিব নোৱাৰে ৷ সেয়ে তেওঁক অনন্ত বোলে ৷

অনাদিঃ—যাৰ আদি অন্ত নাই ৷

নিত্যঃ–সত্য সনাতন,সৃষ্টিৰ আগত,মাজত আৰু শেষত কব পাৰি –প্ৰলয়তো এই ঈশ্বৰ থাকে নিত্য ৷

নিৰঞ্জনঃ—অহংকাৰ আদি কোনো গুণে ঈশ্বৰক ঢাকি ৰাখিব নোৱাৰে ৷ তেওঁ বিকাৰ শূণ্য নিৰ্ম্মল ৷

শুদ্ধঃ—ঈশ্বৰ নিৰ্ম্মল,পবিত্ৰ,নিৰ্ভূল ৷

বুদ্ধঃ–অখণ্ডিত জ্ঞানময় ৷

বেদবানীঃ—-বেদৰ সৃষ্টিকৰ্ত্তা ৷ বেদবেত্তা ৷ যাৰ প্ৰথম নিশ্বাসতে বেদৰ সৃষ্টি হৈছিল ৷ এইদৰে ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্ত্তন কৰাৰ আৰ্হি দিছে ৷৷

You May Also Like

More From Author