৫ গৰাকীকৈ ছাত্ৰীক ধৰ্ষণ কৰা অধ্যক্ষক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে

0 min read

কোকৰাঝাৰ বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ বিদ্যালয়ৰ অধ্যক্ষক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা ।

অধ্যক্ষগৰাকীৰ নাম ডেভিড ব্ৰাইট বসুমতাৰী । গোঁসাইগাঁৱৰ এখন আৱাসিক বিদ্যালয়ৰ অধ্যক্ষ আছিল ডেভিড ।

নিজ বিদ্যালয়ৰ পাঁচ গৰাকীকৈ ছাত্ৰীক ধৰ্ষণ কৰিছিল অধ্যক্ষই । তাৰ পাছতে পৰিয়ালে দাখিল কৰিছিল এজাহাৰ। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দুটাকৈ ৰজু হৈছিল গোচৰ ।

বিশেষ আদালতৰ গোচৰ নং ১৫/২২ আৰু ২০/২২ ৰ ভিত্তিত মঙলবাৰে ৰায়দান কৰে আদালতে। পকচো আইনৰ অধীনত এই ৰায়দান কৰা হয় ।

আদালতে ১৬ জনৰ সাক্ষী গ্ৰহণ কৰি এই ৰায়দান কৰে। অৱশেষত জে কোচৰ বিশেষ আদালতে প্ৰদান কৰে ৰায়দান ।

অভিযুক্ত অধ্যক্ষ ডেভিড ব্ৰাইট বসুমতাৰীক যাৱজ্জীৱন কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা । ব্যক্তিগত আৱাসিক বিদ্যালয়ৰ অধ্যক্ষজনে ২০২২ চনত উক্ত অপকাণ্ড সংঘটিত কৰিছিল । ভুক্তভোগীৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল অধিবক্তা মনজিৎ ঘোষে ।

You May Also Like

More From Author