প্ৰতিকিলোগ্ৰাম পিয়াঁজত ১০-১৫ টকা পৰ্যন্ত বৃদ্ধি পাইছে । বিগত ৪-৫ দিনৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি পাইছে পিয়াঁজৰ দাম । পিয়াঁজৰ মূল্যবৃদ্ধিয়ে কন্দুৱাইছে জনসাধাৰণক । দেশৰ সৰ্বাধিক পিয়াঁজ উৎপাদনকাৰী ৰাজ্য মহাৰাষ্ট্ৰৰ পাইকাৰী বজাৰত পিয়াঁজৰ মূল্য পূৰ্বতকৈ অধিক হৈ পৰাত অসমতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । পাটনা আৰু নাছিকৰ প্ৰতিকিলোগ্ৰাম পিয়াঁজৰ মূল্য ১০-১৫ টকা বৃদ্ধি হৈছে।
পাটনাৰ পিয়াঁজ পূৰ্বতে ৩৫-৪০ টকা প্ৰতিকিলোগ্ৰাম বিক্ৰী হৈছিল যদিও বৰ্তমান ৫০ টকাকৈ বিক্ৰী হৈছে। আনহাতে নাছিকৰ পিয়াজ পূৰ্বে ২৮-৩০ টকা প্ৰতিকিলোগ্ৰাম বিক্ৰী হৈছিল। বৰ্তমান পাটনাৰ পিয়াঁজৰ প্ৰতিকিলোগ্ৰাম পাইকাৰী মূল্য ৩২ টকা খুচুৰা মূল্য হৈছে ৩৫-৪০ টকা । ইপিনে পাটনাৰ পিয়াঁজ পাইকাৰী মূল্য হৈছে ৪২ টকা আৰু খুচুৰা মূল্য হৈছে ৫০ টকা । ইপিনে বজাৰত শ্বিলঙৰ বিলাহী প্ৰতি কিলোগ্ৰাম ১২০ টকা, গাজৰ ৮০-১২০ টকা, আদা ২৪০-২৫০ টকা, কেপচিকাম ১০০-১২০ টকা পৰ্যন্ত বিক্ৰী হৈছে।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক । বিগত এমাহ ধৰি চাউল, দাইল, মিঠাতেল, কাবুলি বুট, জিৰা, মগজকে ধৰি অন্যান্য অত্যৱশ্যকীয় সামগ্ৰীৰ দামো বৃদ্ধি হৈছে ।