এক জঘন্য ঘটনা পোহৰত আহিছে! এগৰাকী ছাত্ৰীয়ে মহাবিদ্যালয়ৰ হোষ্টেলৰ একেটা কোঠাতে বাস কৰা আন এগৰাকী ছাত্ৰীৰ আপত্তিজনক ছবি আৰু ভিডিঅ’ এজন জ্যেষ্ঠ শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰিছিল। মহাবিদ্যালয় কর্তৃপক্ষই ঘটনাটো সন্দৰ্ভত এজন ছাত্রসহ দুগৰাকী ছাত্ৰীক নিলম্বন কৰিছে।
অভিযুক্ত ছাত্ৰীগৰাকীক মন্তাশা কাজমী বুলি চিনাক্ত কৰা হৈছে। তেওঁ গাজীপুৰ হোমিঅ’পেথি চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। তেওঁ মহম্মদ আমিৰলৈ সহপাঠীৰ আপত্তিজনক ছবি আৰু ভিডিঅ’ প্ৰেৰণ কৰিছিল।
শেহতীয়াকৈ, অভিযোগকাৰীয়ে ধৰা পেলাইছিল যে তেওঁৰ ব্যক্তিগত সময়ৰ ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। তেওঁ ঘটনাটোত বিধ্বস্ত হৈ পৰিছিল। অৱশেষত তেওঁ মহাবিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত এই বিষয়ত এটা অভিযোগ দাখিল কৰে। অভিযোগৰ ওপৰত আধাৰ কৰি কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰে। অভিযুক্ত মানতাশা কাজমী আৰু মহম্মদ আমিৰক পিছত চিনাক্ত কৰা হয় ।
অনুসন্ধানত প্ৰকাশ পাইছে যে মহাবিদ্যালয় খনত ইয়াৰ পূৰ্বেও এনে ঘটনা ঘটিছিল। আপত্তিজনক ফটো আৰু ভিডিঅ’ তুলি ছাত্ৰ-ছাত্ৰীসকলক ব্লেকমেইল কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে।