আগন্তুক তিনিমাহৰ ভিতৰত সকলো চালকে বনাব লাগিব স্মাৰ্ট কাৰ্ড, অন্যথা চালক অনুজ্ঞাপত্ৰৰ লগতে বাতিল হব বাহনৰ পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ
🔵 পৰিবহণ খণ্ডত নতুনকৈ সংযোজন হ’ল তিনিখনকৈ আঁচনি।
🔵 সকলো বাহনৰ চালকে ল’ব লাগিব স্মাৰ্ট লাইচেন্স।
🔵 আগন্তুক তিনি মাহৰ ভিতৰত পৰিশোধ কৰিব লাগিব বাহনৰ অনাদায় ফিটনেছ মাচুল। অন্যথা বাহন সমূহ পৰিবহণ বিভাগে কৰিব স্ক্ৰেপ
🔵 ফিটনেছৰ বিলম্ব মাচুলৰ ক্ষেত্ৰত বাহনৰ স্বত্বাধিকাৰীক দিয়া হৈছে বিশেষ ৰেহাই
🔵 খানাপাৰাৰ ৰাজপথত পৰিবহণ বিভাগৰ অভিযান
🔵 পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্বত এই অভিযান
🔵 ৰাজপথত চলা প্ৰতিখন বাহনৰ নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰে
🔵 নথি-পত্ৰ নথকা একাংশ বাহনক বিহে জৰিমনা
আগন্তুক তিনি মাহৰ ভিতৰত অনাদায় ফিটনেছ মাচুলৰ লগতে বিলম্ব মাচুল সমূহ আদায় দিবলৈ আহ্বান বাহনৰ স্বত্বাধিকাৰী সকলক
ফিটনেছৰ বাবদ তিনি চকীয়া পৰিবহন বাহনৰ পূৰ্বৰ প্ৰত্যেক দিনৰ বিলম্ব মাছুল ৫০ টকাৰ পৰিবৰ্তে ১০ টকা, বাণিজ্যিক ট্ৰেক্টৰৰ ৫০ টকাৰ পৰিবৰ্তে ১৫ টকা, চাৰিচকীয়া পৰিবহন বাহনৰ ৫০ টকাৰ পৰিবৰ্তে ২০ টকা আৰু বাছ, ট্ৰাক ইত্যাদি গধুৰ বাণিজ্যিক পৰিবহন বাহনৰ বিলম্ব মাছুল ৫০ টকাৰ পৰিৱৰ্তে হ’লগৈ ২৫ টকা।
🔵 ফিটনেছ তথা ফিটনেছৰ বিলম্ব মাচুল পৰিশোধ নকৰিলে স্ক্রেপ হ’ব বাহন সমূহ
ইতিমধ্যে স্ক্ৰেপ হোৱা বাণিজ্যিক অথবা ব্যক্তিগত বাহনৰ মালিক সমূহে আগন্তুক তিনি মাহৰ ভিতৰত অনাদায় কৰৰ ২৫% পৰিশোধ কৰিলেও হব
কিন্তু তাৰ বাবে উপস্থাপন কৰিব লাগিব বাহন খন স্ক্ৰেপ কৰাৰ প্ৰমাণ পত্ৰ
🔵 স্মাৰ্ট লাইচেন্স সন্দৰ্ভত নীতি
আগন্তুক তিনিমাহৰ ভিতৰত চালক অনুজ্ঞাপত্ৰখন কৰিব লাগিব স্মাৰ্ট
সকলো চালকে বনাব লাগিব স্মাৰ্ট কাৰ্ড
অন্যথা চালক অনুজ্ঞাপত্ৰৰ লগতে বাতিল হব বাহনৰ পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ