হাৰিয়ানাৰ হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

0 min read

হাৰিয়ানাৰ নুহ জিলাত সোমবাৰে বিশ্ব হিন্দু পৰিষদৰ ব্ৰজ মণ্ডল যাত্ৰাৰ পিছত হোৱা হিংসাত্মক ঘটনাত এতিয়ালৈকে ৬ জন লোকৰ মৃত্যু হৈছে । আনহাতে, বুধবাৰে হিন্দু সংগঠনবোৰে এই সংঘৰ্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মানেচাৰত এখন পঞ্চায়তৰ আহ্বান কৰে । ইয়াৰ উপৰি বিশ্ব হিন্দু পৰিষদে পাণিপথত বন্ধৰ আহ্বান জনায় । উল্লেখ্য যে এই হিংসাত্মক ঘটনাত বহু লোক আহত হৈছে।

ইতিমধ্যে হাৰিয়ানাৰ ৮ খন জিলা ক্ৰমে নুহ, পালৱাল, ফৰিদাবাদ, ৰেৱাৰী, গুৰুগ্ৰাম, মহেন্দ্ৰগড়, সোনিপত আৰু পাণিপথত ১৪৪ ধাৰা জাৰি কৰা হৈছে । অৱশ্যে গুৰুগ্ৰামৰ বাহিৰে মঙলবাৰে বেছিভাগ অঞ্চলতে পৰিস্থিতি স্বাভাৱিক হৈ আছিল । পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নুহ জিলাত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে নুহৰ হিংসাত এতিয়ালৈকে ৬ জন লোকৰ মৃত্যু হৈছে । মৃতসকলৰ ভিতৰত দুজন হোমগাৰ্ড আৰু ৪ জন সাধাৰণ নাগৰিক । ইয়াৰ উপৰি আহত বহু লোকক নালহাৰ আৰু ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । হিংসা নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰই হাৰিয়ানা আৰক্ষীৰ ৩০ টা ইউনিট আৰু ২০ টা অৰ্ধসামৰিক বাহিনী প্ৰেৰণ কৰিছে । ইয়াৰ ভিতৰত ১৪ টা গোট নুহলৈ, ৩ টা পালৱাললৈ, ২ টা ফৰিদাবাদলৈ আৰু এটা গুৰুগ্ৰামলৈ প্ৰেৰণ কৰা হৈছে।

You May Also Like

More From Author