নতুন সূচী অনুযায়ী ১৫ অক্টোবৰৰ পৰিৱৰ্তে ১৪ অক্টোবৰত অনুস্থিত হ’ব ভাৰত-পাকিস্তান বিশ্বকাপৰ মেচ

1 min read

উল্লেখ্য যে পূৰ্বতে এই মেচৰ তাৰিখ ১৫ অক্টোবৰত নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু নতুন সূচী অনুসৰি, এই মেচখন এদিন পূৰ্বে অনুষ্ঠিত হ’ব । কেৱল সেয়াই নহয়, পাকিস্তানৰ আন এখন মেচৰো সূচী সলনি কৰা হৈছে । পাকিস্তান ক্ৰিকেট বোৰ্ডে তেওঁলোকৰ দুয়োখন খেলৰ তাৰিখ সলনি কৰাৰ আইচিচি আৰু বিচিচিআইৰ প্ৰস্তাৱৰ সৈতে সন্মত হৈছে । আন এক সূচী পৰিৱৰ্তনত ১২ অক্টোবৰৰ পৰিৱৰ্তে ১০ অক্টোবৰত হায়দৰাবাদত পাকিস্তানে শ্ৰীলংকাৰ মুখামুখী হ’ব । যাৰ ফলত ভাৰতৰ সৈতে মেচৰ পূৰ্বে পাক দলটোৱে মাজত তিনিদিনৰ জিৰণিৰ সময় লাভ কৰিব ।

উল্লেখ্য যে পূৰ্বতে নিৰ্ধাৰণ কৰা ভাৰত-পাক মেচৰ তাৰিখত আহমেদাবাদত আৰম্ভ হ’ব নৱৰাত্ৰি । আহমেদাবাদত নৱৰাত্ৰি উৎসৱৰ প্ৰথমদিনা নিৰাপত্তা বাহিনী মোতায়েনৰ সন্দৰ্ভত সৃষ্টি হ’ব পৰা সমস্যাৰ বাবে ভাৰত-পাকিস্তানৰ মেচখনৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰিবলগা হয় । সেয়ে আইচিচি আৰু বিচিচিআয়ে তেওঁলোকৰ দুখন গ্ৰুপ মেচৰ তাৰিখ পুনৰ নিৰ্ধাৰণৰ বাবে পাক ক্ৰিকেট বোৰ্ডৰ কাষ চাপে । ইয়াৰে ভিতৰত এখন আছিল আহমেদাবাদত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগা মেচখন । আনহাতে, আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে শীঘ্ৰেই এক উন্নীত সূচী প্ৰকাশ কৰিব । কিয়নো আন দলৰ সৈতে জড়িত আন কেইখনমান খেলৰো তাৰিখ পুনৰ নিৰ্ধাৰণ কৰা হ’ব ।

আইচিচি বিশ্বকাপ ২০২৩ৰ বাবে পাকিস্তানৰ বৰ্তমানৰ সময়সূচী :

৬ অক্টোবৰ – হায়দৰাবাদত নেডাৰলেণ্ডৰ বিৰুদ্ধে

১২ অক্টোবৰ – হায়দৰাবাদত শ্ৰীলংকাৰ বিৰুদ্ধে

১৫ অক্টোবৰ – আহমেদাবাদত ভাৰতৰ বিৰুদ্ধে

২০ অক্টোবৰ – বেংগালুৰুত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে

২৩ অক্টোবৰ – চেন্নাইত আফগানিস্তানৰ বিৰুদ্ধে

২৭ অক্টোবৰ – চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে

৩১ অক্টোবৰ – কলকাতাত বাংলাদেশৰ বিৰুদ্ধে

৪ নৱেম্বৰ – বেংগালুৰুত নিউজীলেণ্ডৰ বিৰুদ্ধে (দিনৰ মেচ)

You May Also Like

More From Author