এই পানীয়ই এলাৰ্জি আঁতৰায়, লিভাৰ পৰিষ্কাৰ কৰে

1 min read

কিছুমান ভেষজ উপাদানে স্বাস্থ্যৰ উপকাৰ কৰে৷ এনে এবিধ ভেষজ হৈছে চিৰতা৷ বহুতেই চিৰতাৰ নাম শুনিলেই বিৰক্তিবোধ কৰে৷ চিৰতাৰ সোৱাদ অতি তিতা৷ পিছে জানি আচৰিত হ’ব যে চিৰতাই বিভিন্ন শাৰীৰিক সমস্যাত মহৌষধৰ কাম কৰে৷ চিৰতাই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ তদুপৰি দেহৰ অতিৰিক্ত মেদ কমোৱাত সহায় কৰাৰ লগতে ডায়েবেটিছ নিয়ন্ত্ৰণ, জ্বৰ আৰু আন বিভিন্ন শাৰীৰিক সমস্যাত চিৰতাই উপকাৰ কৰে৷ উল্লেখ কৰা হ’ল চিৰতাৰ উপকাৰিতা–

⬛ডায়েবেটিছ ৰোগীৰ বাবে চিৰতা অতি উপকাৰী৷ চিৰতাই তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ একেদৰে চিৰতা পানীয়ে তেজত কলেষ্টেৰ’লৰ পৰিমাণ কমায়৷

⬛দৈনিক পুৱা খালী পেটত চিৰতাৰ পানী খালে বয়সৰ চাপ নপৰে৷ চিৰতাই তেজ পৰিষ্কাৰ কৰাৰ লগতে তেজৰ সৰবৰাহ বৃদ্ধি কৰে৷ শালমনৰ সমস্যা দূৰ কৰাতো সহায় কৰে চিৰতাই৷

⬛ যিসকলৰ এলাৰ্জিৰ সমস্যা আছে, বিশেষকৈ এলাৰ্জিৰ বাবে শৰীৰ ফুলা, চকু ৰঙা হোৱা, কাহ-চৰ্দি আৰু আন বিভিন্ন সমস্যাত ভোগে তেওঁলোকে নিতৌ চিৰতা পানী খাব পাৰে৷ পানীলগা আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাতো চিৰতাই উপকাৰ কৰে৷

⬛ লিভাৰ সুস্থ ৰখাৰ ক্ষেত্ৰত চিৰতা অতি উপকাৰী৷ চিৰতাই লিভাৰ পৰিষ্কাৰ কৰে৷ ফেটি লিভাৰৰ সমস্যা নিয়ন্ত্ৰণতো সহায় কৰে চিৰতাই৷

⬛ চিৰতা পানীয়ে দেহৰ পৰা ক্ষতিকাৰক টক্সিন উলিয়াই পঠায়৷ ফলত স্বাস্থ্য সুস্থ থাকে৷

⬛ হজমৰ সমস্যা হ’লে চিৰতা পানী খাব পাৰে৷ চিৰতাই বদহজম আৰু এচিডিটিৰ পৰা সকাহ দিয়ে৷ কৌষ্ঠ-কাঠিন্যৰ সমস্যা থাকিলেও চিৰতা পানী খাব পাৰে৷

⬛ কিছুমান মহিলাই ৰক্তহীনতাৰ সমস্যাত ভোগে৷ এনে সমস্যাত নিতৌ চিৰতাপানী খালে উপকাৰ পোৱা যায়৷ এনিমিয়াৰ সমস্যাতো চিৰতাই উপকাৰ কৰে৷

চিৰতা কেনেদৰে খাবঃ

চাৰি-পাঁচগ্ৰাম শুকান চিৰতা এগিলাচ গৰম পানীত তিয়াই ৰাখক৷ পিছদিনা পুৱা সেই পানী ভালদৰে চেকি লৈ পান কৰক৷ চিৰতা অতি তিতা হ’লেও সুস্বাস্থ্য বজাই ৰাখিবলৈ হ’লে নিয়মীয়াকৈ খোৱা কৰক৷ অৱশ্যে গুৰুতৰ শাৰীৰিক সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লৈহে চিৰতা খাব৷

You May Also Like

More From Author