বিজেপি নেত্রী ইন্দ্রাণী তহবিলদাৰৰ ৰহস্যজনক মৃত্যুৰ ঘটনা যেন ক্ৰমাত অধিক ৰহস্যজঘন হৈ পৰিছে। বিজেপি কৃষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদিকা ইন্দ্রাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ সৈতে গোপন মুহূৰ্তৰ ফটো ভাইৰেল আৰু ইন্দ্ৰাণীৰ বাসগৃহত শ্লিপিং টেবলেটৰ বহু খালি পেকেট উদ্ধাৰ হোৱা কাৰ্যই বিজেপি নেত্ৰীগৰাকীক কোনোৱে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাইছিল নেকি তাক লৈ সন্দেহ সৃষ্টি হৈছে।
ইন্দ্ৰাণীৰ মৃত্যুৰে বিজেপিৰ ভিতৰ মহলকো কঁপাই তুলিছে। শুকুৰবাৰে গুৱাহাটীৰ বামুণীমৈদামৰ বাসগৃহত মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰা হৈছিল ইন্দ্ৰাণী তহবিলদাৰক । অচেতন ইন্দ্ৰাণীক পৰিয়ালৰ লোকে ততাতৈয়াকৈ জি এম চি এইচলৈ লৈ গৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল। কিন্তু ইন্দ্ৰাণীৰ আত্মহত্যাৰ আগৰে পৰাই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এজন বিজেপি নেতাৰ সৈতে অন্তৰংগ মূহূৰ্ত্তৰ ফটো।
গোলাঘাটৰ বিজেপি নেতা অনুৰাগ চলিহাৰ সৈতে কৃষাণ মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণীৰ ব্যক্তিগত মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত উক্ত আপত্তিজনক ফটো কোনে ভাইৰেল কৰিছিল তাৰ তদন্তত নামি পৰিছে চানমাৰি আৰক্ষী। ফটো ভাইৰেল কৰি ইন্দ্ৰাণীক কোনোৱে ব্লেকমেইল কৰিছিল নেকি তাৰো তদন্ত কৰিছে আৰক্ষীয়ে।
তদন্তকাৰী আৰক্ষীৰ এটা সূত্ৰই জানিবলৈ দিয়া অনুসৰি ইন্দ্ৰাণী তহবিলদাৰৰ বামুণীমৈদাৰ বাসগৃহতে ভাৰাতীয়া হিচাপে আছিল বিজেপি নেতা অনুৰাগ চলিহা। কিন্তু ইন্দ্ৰাণীৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙুৰ খাইছে অভিমন্যু দাস নামৰ এজন যুৱকৰ ।
অভিযোগ অনুসৰি শীৰ্ষ ৰাজনীতিকৰ সৈতে সু-সম্পর্ক থকাৰ দোহাই দি অনুৰাগ চলিহাই বিভিন্ন জনৰ পৰা চাকৰি-ঠিকাৰ নামত সংগ্ৰহ কৰিছিল প্ৰায় ডেৰ কোটি টকা । অনুৰাগৰ উক্ত কু-কৰ্মৰ বিষয়ে জ্ঞাত আছিল ইন্দ্রাণী। ইন্দ্ৰাণীৰ নাম লৈও অনুৰাগে সংগ্ৰহ কৰিছিল ধন। বিভিন্ন সময়ত ধন বিচাৰি অনুৰাগ চলিহাক হেঁচা দিছিল বহু যুৱকে। আৰ এছ এছৰ জনৈক চক্ৰৱৰ্তী উপাধিৰ এজন নেতাৰ ভতিজাক অসীম চক্ৰৱৰ্তীয়ে দুই যুৱকৰ কামৰ বাবে অনুৰাগক দিছিল যায় ২৪ লাখ টকা। কিন্তু চাকৰি দিয়াটো দূৰৰে কথা ধনো ঘুৰাই দিব পৰা নাছিল অনুৰাগে।
কিছুদিন পূর্বে সেই ধন বিচাৰি মেঘালয়ৰ নংপোত অনুৰাগ, ইন্দ্ৰাণী আৰু আৰ এছ এছৰ নেতাজনৰ ভজ্জিা অসীমে বৈঠকতো মিলিত হৈছিল। ইয়াৰ পাছতো ধন ঘূৰাই নিদিয়াত আৰ এছ এছৰ নেতাজনৰ ভতিজাক অসীম চক্রৱতীয়ে ইন্দ্রাণী তহবিলাদৰ চানমাৰিৰ ভাৰাঘৰত থকা অনুৰাগ চলিহাৰ ওচৰলৈ প্ৰেৰণ কৰিছিল অভিমন্যু দাস নামৰ যুৱকজনক। পিষ্টলৰে ভয়-ভাবুকি দেখুৱাই অভিমন্যুৱে তেতিয়াই কাঢ়ি আনিছিল অনুৰাগৰ মোবাইল ফোন। যিটো মোবাইলৰ গেলাৰীত আছিল অনুৰাগ চলিহা আৰু ইন্দ্ৰাণী তহবিলদাৰৰ গোপন মুহূৰ্তৰ ফটো ।
সেই ফটো ভাইৰেল কৰি দিব বুলি ইন্দ্ৰাণী আৰু অনুৰাগক ধাৰাবাহিক ব্লেকমেইল কৰাৰ অভিযোগ উঠিছে অভিমন্যু দাসৰ বিৰুদ্ধে । আনকি কৃষাণ মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণীক অভিমন্যু দাসে বৰপেটা জিলা কৃষাণ মৰ্চাৰ বিষয়বাবত নিযুক্তি দিয়াৰ বাবেও হেঁচা প্ৰয়োগ কৰিছিল। কিন্তু ইন্দ্রাণীয়ে সেই দাবী মানি নোলোৱাৰ বাবেই অভিমন্যুৰ অন্তৰংগ মুহূৰ্তৰ ফটোসমূহ ভাইৰেল কৰি দিয়াৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
ইয়াৰ পাছৰ পৰাই মানসিকভাৱে ভাগি পৰিছিল ইন্দ্ৰাণী তহবিলদাৰ। টোপনি নোহোৱা হোৱা কৃষাণ মৰ্চাৰ নেত্ৰীগৰাকীয়ে সেৱন কৰিছিল শ্লিপিং টেবলেট। আৰু সেই শ্লিপিং টেবলেটেই অৱশেষত কাল হ’ল ইন্দ্ৰাণীৰ।
শুকুৰবাৰে মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰা হ’ল ইন্দ্রাণীক । পৰৱৰ্তী সময়ত চিকিৎসকে মৃত ঘোষণা কৰে কৃষাণ মৰ্চাৰ নেত্ৰীগৰাকীক । অৱশ্যে ঘটনাৰ সময়ত ইন্দ্ৰাণীৰ স্বামী ৰিতেশ তহবিলদাৰ আছিল কলকাতাত । পত্নীৰ খবৰ লাভ কৰি মানসিকভাৱে ভাগি পৰিছে স্বামী ৰিতেশ। ইন্দ্ৰাণীৰ মৃতদেহ চমজি লৈছে যদিও বৰ্তমানলৈ কোনো এজাহাৰ দিয়া নাই বুলি স্বামী ৰিতেশে সাংবাদিকক জানিবলৈ দিছে।
অৱশ্যে চানমাৰি আৰক্ষীয়ে অনুৰাগ চলিহাক তলব কৰিছে যদিও অভিমন্যু দাসৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে। বিজেপিৰ ৰাজ্যিক কমিটীৰ বিষয়ববীয়াই ইন্দ্ৰাণীৰ পৰিয়ালক সমবেদনা জনাইছে যদিও এই বিষয়টোক লৈ কোনেও মুখ খুলিব বিচৰা নাই। বিজেপি নেত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ৰহস্যভেদ হ’ব নে নাই, সেয়া সময়হে ক’ব। অৱশ্যে, শনিবাৰে নিশালৈ অনুৰাগ চলিহাক বিজেপিৰ পৰা বহিষ্কাৰ কৰে ৰাজ্যিক নেতৃত্বই ।