ইণ্ডিয়া-ভাৰত বিষয়ত মন্ত্ৰীসকলক মুখ নুখলিবলৈ আহ্বান মোডীৰ

1 min read

বৰ্তমান দেশত ইণ্ডিয়া-ভাৰত বিবাদ চৰ্চাত আছে। বিৰোধী আৰু শাসকীয় পক্ষৰ মাজত বাক-বিতণ্ডা চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শাসকীয় পক্ষক কৰিছে বিশেষ আহ্বান।

বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীবৰ্গৰ সৈতে বৈঠক সম্বোধন কৰি মোডীয়ে শাসকীয় পক্ষৰ মন্ত্ৰীসকলক ইণ্ডিয়া-ভাৰত বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ কৈছে। ভাৰত নামৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেন্দ্ৰই ইতিহাস নহয়, সংবিধান মতেহে আগবাঢ়িব বুলি কেবিনেটে সিদ্ধান্ত লয়। ইয়াৰোপৰি মন্ত্ৰীবৰ্গৰ সৈতে এই বৈঠকত মোডীয়ে জি-২০ বৈঠকৰ বিষয়ে আলোচনা কৰে।

কংগ্ৰেছে অভিযোগ উত্থাপন কৰি কৈছে যে মোডী চৰকাৰে দেশৰ নাম সলনি কৰাৰ যো-যা কৰিছে। ইণ্ডিয়াৰ সলনি ভাৰত কৰাৰ বাবে চৰকাৰে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। উল্লেখ্য যে জি-২০ বৈঠকৰ নৈশ ভোজনৰ বাবে প্ৰেৰণ কৰা নিমন্ত্ৰণী পত্ৰত প্ৰেচিডেন্ট অফ ভাৰত বুলি উল্লেখ আছিল। তাৰ পাছতে এই বিবাদে চৰ্চা লাভ কৰিছিল।

You May Also Like

More From Author