কেনেকৈ নিচামুক্তি কেন্দ্ৰৰ তৃতীয় মহলাৰ পৰা পৰি গৈছিল ভাস্কৰ, হত্যা নে দুৰ্ঘটনা?

1 min read

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত ধাৰাবাহিক অঘটন। এইবাৰ তৃতীয় মহলাৰ পৰা সৰি পৰিল কৰ্মচাৰী। চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতো শেষ ৰক্ষা নহ’ল ভাস্কৰ মুছাহাৰীৰ। হত্যা নে দুৰ্ঘটনাত মৃত্যু হ’ল ভাস্কৰৰ? চলিছে তদন্ত।

কিশোৰ-যুৱকৰ মাজত ড্ৰাগছৰ প্ৰচলন বঢ়াৰ সমান্তৰালকৈ মহানগৰীৰ অলিয়ে গলিয়ে গঢ়ি উঠিছে নিচা মুক্তি কেন্দ্ৰ। ৩৯ জন আৱাসীৰে মহানগৰীৰ তেনে এখন নিচামুক্তি কেন্দ্ৰ উইলিং ৱে ৱেলনেচ চছাইটিত অঘটন। পাঞ্জাবাৰী-সাতগাঁও লিংক ৰোডত থকা নিচামুক্তি কেন্দ্ৰটোত ৰাণিং ৱাটাৰৰ সমস্যাৰ সমাধানৰ চেষ্টাৰে তিনি মহলাৰ ওপৰৰ চাদলৈ উঠি গৈছিল ভাস্কৰ মুছাহাৰী। পানীৰ পাইপৰ সংযোগ ঠিকঠাক কৰি থাকোঁতেই ওপৰৰ পৰা সৰি পৰিল ভাস্কৰ।

এই ভাষ্য নিচামুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষৰ। আনকি চিকিৎসালয়লৈ নিয়াৰ বাটত খোদ ভাস্কৰে পিচলি পৰাৰ কথা কোৱা বুলি ভাষ্য দিছে স্থানীয় লোকেও। কিন্তু GNRC ত চিকিৎসাধীন অৱস্থাত ভাস্কৰৰ মৃত্যুৰ পাছত আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।

মহানগৰীৰ বিভিন্ন নিচামুক্তি কেন্দ্ৰত ঘটি থকা ধাৰাবাহিক অঘটনৰ বাবেই ভাস্কৰৰ মৃত্যুতো সন্দেহ হৈছে আৰক্ষী কিম্বা ৰাইজৰ। কাহিলিপাৰা আৰু পাঞ্জাবাৰীত কাঠফুলাৰ দৰে গজি উঠা নিচামুক্তি কেন্দ্ৰত সাধাৰণতে নাথাকে চিকিৎসক, নাৰ্চ কিম্বা প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰী।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা লাখ লাখ টকাৰ অনুদান লোৱাৰ পাছতো সামান্য দৰমহাত ভাস্কৰ মুছাহাৰীৰ দৰে কৰ্মচাৰীক খটুৱাই থকাৰো অভিযোগ উঠিছে নিচামুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। তেনে অভিযোগৰ সত্যাসত্য নিৰূপণ কৰিবলৈ তদন্ত চলাবলৈ সাজু দিছপুৰ আৰক্ষী। তদন্তত পোহৰলৈ আহিব ভাস্কৰ মুছাহাৰীৰ মৃত্যুৰ ৰহস্য।

 

You May Also Like

More From Author