গ্ৰীষ্ম কালৰ আগমণৰ লগে লগে ছালৰ ভিন্ন ৰোগে দেখা দিয়ে । গ্ৰীষ্ম কালত কেনেকৈ ছালখন সতেজ কৰি ৰাখিব আপুনি?গ্ৰীষ্মকালত ছালৰ যত্ন লোৱাটো যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে সেয়েহে গৰম দিনত সকলোতকৈ আৱশ্যকীয় সামগ্ৰীবিধে হৈছে পানী।
পৰ্যাপ্ত পৰিমানে পানী সেৱন কৰি আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখক৷গৰমৰ এই সময়ত পানী খোৱাত কৃপনালি কৰিব নালাগে৷গৰমৰ দিনত পানী সেৱন কৰাৰ পিছত ট’ক্সিনৰ ৰূপত আমাৰ শৰীৰৰ পৰা উলাই যায়৷
গ্ৰীষ্মকালৰ এই দিনকেইটাত মুখমণ্ডল পৰিষ্কাৰ কৰি ৰাখিব লাগে ।দিনটোত চাৰি-পাঁচবাৰকৈ পৰিষ্কাৰ পানীৰে মুখ ধোৱাৰ লগতে এবাৰকৈ মুখমণ্ডলৰ ছাল ষ্টীম কৰা দৰকাৰ।এনে কৰিলে ছালৰ নোমাছিদ্ৰসমূহ খোল খাব আৰু ছালত যি লেতেৰা মলি জমা হয়, সেয়া নিৰ্মূল হ’ব।
পৰাপক্ষত সূৰ্যৰ প্ৰখৰ তাপত ওলাই যাব নালাগে,আৰু যদি ওলাই যোৱা হয় তেন্তে মুখমণ্ডল আৰু মূৰ ভালদৰে কাপোৰেৰে মেৰিয়াইহে বাহিৰত ওলাব লাগে।প্ৰত্যক্ষভাৱে সূৰ্যৰ ৰশ্মি মুখত পৰিবলৈ দিব নালাগে।
গৰমত যিমান সম্ভৱ মেকআপ পাৰিলে পৰিহাৰ কৰক। কিয়নো মেকআপ ব্যৱহাৰৰ ফলত ছালৰ খজুৱতি অথবা শালমইনাৰো সৃষ্টি হ’ব পাৰে।মেকআপ ব্যৱহাৰ কৰিলে ছাল পৰিষ্কাৰকৈ ৰাখিব লাগে। যিহেতু প্ৰায়সংখ্যক লোকৰে শালমইনাৰ সমস্যা থাকে সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এল’ভেৰা জেল অৰ্থাৎ ছালকুঁৱৰী ব্যৱহাৰ কৰিব পাৰে। গৰমৰ এই সময়ছোৱাত যিমান সম্ভৱ চিপছ, চিঙৰা, পকোৰা আদি খোৱাৰ পৰা বিৰত থাকিব লাগে।