চাৰিদিনৰ ভিতৰত কংগ্ৰেছৰ কোন নেতাই যোগ দিব বিজেপিত? কি ইংগিত দিলে পীযূষ হাজৰিকা–প্ৰশান্ত ফুকনে?

0 min read

‘আঙুলি মূৰত হিচাপ কৰি ৰাখক, মাত্ৰ চাৰি দিন ৷ চাৰিদিনৰ ভিতৰত বিজেপিত যোগ দিব কংগ্ৰেছী নেতাই৷’’ – সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰিলে ডিব্ৰুগড়়ৰ বিধায়ক প্ৰশান্ত ফুকনে৷

অৱশ্যে বিজেপিত যোগ দিবলগীয়া কোন সেইসকল কংগ্ৰেছী বুলি সাংবাদিকে কৰা প্ৰশ্নৰ কোনো উত্তৰ নিদিলে বিধায়কগৰাকীয়ে৷ মাথোঁ সেইসকল নেতা কংগ্ৰেছৰ হাই প্ৰফাইল নেতা বুলি দাবী প্ৰশান্ত ফুকনৰ ৷

যিসময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বাৰম্বাৰ কংগ্ৰেছত আন দলৰ বহু নেতা যোগ দিব বুলি মন্তব্য কৰি আহিছে, তেনে সময়ত বিজেপি বিধায়কে কৰা এনে মন্তব্যই স্বাভাৱিকতে বহু প্ৰশ্নৰ সৃষ্টি কৰিছে ৷

ইপিনে, বিজেপিৰ কোনো নেতা কংগ্ৰেছত যোগ নিদিয়ে বুলি স্পষ্ট কৰি দিছে মন্ত্ৰী পীযূষ হাজৰিকাই ৷ বিজেপিৰ বাহিৰে যদি কোনো আন দলৰ নেতাই যোগ দিয়ে সেয়া নাজানো বুলিও মন্তব্য কৰে পীযূষ হাজৰিকাই ৷ কিন্তু কোনো কাৰণত বিজেপিৰ পৰা মানুহ কংগ্ৰেছত নাযায়৷

You May Also Like

More From Author