দুপৰ টেঙা ই এবিধ ঔষধি গুণ থকা ৰসাল উদ্ভিদ।দুপৰ টেঙা পাতৰ পৰাই বংশ বৃদ্ধি হয় বাবে ইয়াক পাতে গজা পাত বুলিও কোৱা হয়।দুপৰ টেঙাৰ যথেষ্ট স্বাস্থ্য সম্পৰ্কীয় উপকাৰিতা আছে।এই টেঙাৰ পাত এখিলা মাটিত পেলাই থলেও সহজে গছ গজে।এই পাত দুপৰীয়া সময়ত টেঙা হয় বাবে ইয়াক দুপৰ টেঙা বোলা হয়।
দুপৰটেঙাৰ যথেষ্ট স্বাস্থ্য সম্পৰ্কীয় গুনাগুণ আছে।দুপৰ টেঙাৰ এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল, এন্টিফাংগেল, এন্টিএলাৰ্জিক, এন্টিডায়েবেটিক আৰু এন্টিকেঞ্চাৰ গুনাগুণ আছে ।এই গছজোপা পিত্তৰ পাথৰ, বৃক্কৰ পাথৰ, ৰক্তচাপ, মূৰৰ বিষ, ফোঁহা, প্ৰস্ৰাৱ জ্বলা-পোৰা, আদিৰ দৰে বহুবোৰ ৰোগৰ বাবে উপকাৰী।
প্ৰস্ৰাৱ হালধীয়া হ’লে কেইখিলামান পাত খুন্দি নাড়ীত লগাই থ’লেও ভাল হয়।তাৰোপৰি জুইয়ে পোৰা, উতলা পানী গাত পৰিলে কেঁচা পাতৰ প্ৰলেপ দিলেও সকাহ পোৱা যায়।এই টেঙা পুৱা আৰু গধূলি দুখিলাকৈ পাত চোবাই বা ৰস ওলিয়াই খালেও ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।
মৌজোল বা সামান্য লোণৰ সৈতে দুপৰ টেঙা পাতৰ ৰস খালে মূৰৰ বিষ, গাঁঠিৰ বিষৰ উপশম হয় আৰু ৰক্তচাপো নিয়ন্ত্ৰণত আহিব৷কিডনী আৰু পিত্তৰ সৰু পাথৰ ভঙাৰ গুণসম্পন্ন বাবেই হিন্দীত দুপৰটেঙাক ‘পাথৰচূড়’ বুলিও কোৱা হয়, বাতবিষ কমোৱা গুণৰ বাবেও ইয়াক ‘দৰ্দমাৰ ‘ বুলিও জনা যায়।