ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু নিৰ্যাতনৰ ঘটনা৷কিছুদিনৰ পূৰ্বে চিকিৎসক দম্পতীৰ তোলনীয়া সন্তানৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰৰ খবৰে ৰাজ্যবাসীক ব্যথিত কৰি তুলিছিল৷পুনৰ ৰাজ্যত সংঘটিত হৈছে অনুৰূপ ঘটনা৷এজন সেনা বিষয়া আৰু তেওঁৰ পত্নীয়ে ঘৰত বনকৰা ছোৱালী হিচাপে থকা এগৰাকী কিশোৰীৰ ওপৰত চলাইছে অমানুষিক অত্যাচাৰ৷অভিযুক্ত সেনা জোৱানজন মেজৰ শৈলেন্দ্ৰ যাদৱ বুলি চিনাক্ত কৰা হৈছে আৰু বৰ্তমান তেওঁ হিমাচল প্ৰদেশৰ পালামপুৰত কাৰ্যনিৰ্বাহ কৰি আছে। দুবছৰ পূৰ্বে ডিমা হাছাওত চাকৰিসূত্ৰে থকাৰ সময়ত হাফলঙৰ কিমি ৰালছনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।
অসমৰ হাফলঙৰ পৰা হিমাচল প্ৰদেশলৈ মেজৰ শৈলেন্দ্ৰ যাদৱ বদলি হোৱাৰ পাছত কিমি ৰালছনে নাবালিকাগৰাকীক লগত লৈ ছাংকিজাং গাঁৱৰ পৰা ঘৰৰ কাম-কাজত সহায় কৰিবলৈ লৈ যায়।
অৱশ্যে কিমি ৰালছনে শিশুটিক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি শাৰীৰিক নিৰ্যাতন, নাবালিকাগৰাকীক গৰম পানী ঢালিদিয়া, বলপূৰ্বকভাৱে কাপোৰ খুলি পেলোৱা আদি অভিযোগ উত্থাপন কৰা হৈছে। ইণ্ডিয়া টুডে এন ইয়ে প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ ২৪ ছেপ্টেম্বৰত হাফলঙত থকা পৰিয়ালটোৰ কাষলৈ ছোৱালীগৰাকী উভতি আহে।
মেজৰ শৈলেন্দ্ৰ যাদৱ আৰু কিমি ৰালছনক হাফলং ন্যায়িক দণ্ডাধীশৰ অতিৰিক্ত আদালতত হাজিৰ কৰা হয়, আৰু আদালতে তেওঁলোকক ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।বৰ্তমান হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে নাবালিকাগৰাকীয়ে।
ডিমা হাছাও আৰক্ষীয়ে ৩২৬ (স্বেচ্ছাই গুৰুতৰ আঘাত কৰা), ৩৭৪ (অবৈধ বাধ্যতামূলক শ্ৰম), ৩৫৪, ৫০৬ ধাৰাত গোচৰ ৰুজু কৰে (হাফলং পি এছ গোচৰ নং ৭৪/২০২৩)