গৰমত এয়াৰ কণ্ডিচনাৰ লগোৱাতো তেনেই সাধাৰণ কথা। আজিকালি বহু ঠাইত দিনে ৰাতিয়ে এয়াৰ কণ্ডিচনাৰ চলে। পাৰিপাৰ্শ্বিকৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থকা কোঠাত এয়াৰ কণ্ডিচনাৰ নহ’লেই নহয়। পিছে কেতিয়াবা এয়াৰ কণ্ডিচনাৰেই হ’ব পাৰে প্ৰাণনাশী! অসাৱধানতাৰ বাবে তেনেই সাধাৰণ যেন লগা ঘটনাই কেতিয়াবা ঘটাব পাৰে অঘটন। এই ঘটনাটোও তেনেকুৱাই। গাৰ নোম শিয়ৰি তোলা এটা ঘটনা। এজন চিকিৎসকৰ কাণ্ডজ্ঞানহীন কাণ্ডই প্ৰাণ কাঢ়িলে দুটিকৈ নৱজাতকৰ।
এখন ব্যক্তিগত চিকিৎসালয়ৰ শিশু চিকিৎসাৰ কোঠাত নিশা শুৱাই থৈ যোৱা দুটিকৈ নৱজাতকৰ পুৱা চেঁচা পৰা নিথৰ দেহহে পালে অভিভাৱকে। কাৰণ একেটা কোঠাতে ফুল এচি দি নিজে কাপোৰ লৈ শুই পৰিছিল চিকিৎসক। আৰু ঠাণ্ডাতে নিথৰ হৈ পৰে নৱজাতক দুটি।
ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ছামলী জিলাৰ কৈৰাণা নামৰ অঞ্চলত। শনিবাৰে কৈৰাণাৰ এখন চৰকাৰী চিকিৎসালত এগৰাকী প্ৰসূতিয়ে জন্ম দিয়ে দুটিকৈ সন্তান। চিকিৎসকে নৱজাতক দুটিৰ প্ৰয়োজনীয় চিকিৎসা তথা সা-সুবিধাৰ বাবে অভিভাৱকক কাষতে থকা ব্যক্তিগত ক্লিনিকলৈ নিবলৈ পৰামৰ্শ দিয়ে। চৰকাৰী হাস্পতালত প্ৰয়োজনীয় চিকিৎসা তথা সা-সুবিধা নাপাব বুলিয়ে নৱজাতক দুটিক অভিভাৱকে শনিবাৰে নিশাই কাষতে থকা এখন ব্যক্তিগত ক্লিনিকত ভৰ্তি কৰায়।
নৱজাতক দুটিয়ে ব্যক্তিগত চিকিৎসালয়ত উন্নত সা-সুবিধা পাব বুলিয়ে আশা কৰিছিল অভিভাৱকে। পিছে পিছদিনা পুৱা ব্যক্তিগত ক্লিনিকখনলৈ গৈ মূৰতে সৰগ ভাগি পৰিল অভিভাৱকৰ। আগনিশাৰ সুস্থ নৱজাতক দুটি পিছদিনা অৰ্থাৎ দেওবাৰে পুৱা উদ্ধাৰ হ’ল মৃত ৰূপত।
আৰু এই শিহৰণকাৰী ঘটনাটোৰ আঁৰত আছিল ক্লিনিকখনৰ ডাক্তৰ নীতু নামৰ চিকিৎসকগৰাকীক। চিকিৎসকগৰাকীয়ে নৱজাতক ৰখা কোঠাত কম তাপমাত্ৰাত এয়াৰ কণ্ডিচনাৰ লগাই দুৱাৰ বন্ধ কৰি দিয়ে। নৱজাতক দুটিৰ কথা এবাৰো নাভাবি নিজে কাপোৰ লৈ শুই পৰে। আৰু পৰিণতিত পুৱাৰ ভাগলৈ পোহৰলৈ আহিল নঘটিবলগীয়া ঘটনাটো।
অৱিভাৱকে ঘটনা সন্দৰ্ভত ডাক্তৰ নীতুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
কৈৰানা আৰক্ষীয়ে ইতিমধ্যে ডাক্তৰ নীতুক গ্ৰেপ্তাৰ কৰিছে। IPC, 304ৰ অধীনত গোচৰ ৰুজু কৰি পৰিকল্পিত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। এই ধাৰাত দোষী সাব্যস্ত হ’লে ১০ বছৰ পৰ্যন্ত কাৰাবাসৰ শাস্তি হ’ব পাৰে। আনহাতে ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ স্বাস্থ্য বিভাগেও তদন্ত ঘোষণা কৰিছে।