শংকৰদেৱৰ আৰ্বিভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱাত পুৰণিগুদামৰ অবিনশ্বৰ নাট্য গোষ্ঠীৰ “পত্নী প্ৰসাদ” পৰিৱেশন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৭ছেপ্টেম্বৰ :– মহাপুৰুষ শংকৰদেৱে জনসাধাৰণক সহজতে কৃষ্ণ লীলা মাহাত্ম্য উপলব্ধি আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যেৰে অংকীয়া নাট ৰচনা কৰিছিল। শংকৰদেৱৰ প্ৰথমখন অংকীয়া নাট “পত্নী প্ৰসাদ”ৰ বিষয়বস্তু আৰু অন্যান্য বৈশিষ্ট্যৰ বাবে আজিও প্ৰাসংগিক । মূলতঃ কৃষ্ণ,বলভদ্ৰ,মিশ্ৰ,চন্দ্ৰ ভাৰতী,ব্ৰাহ্মণ-ব্ৰাহ্মণনীসকল আৰু গোপগণ এই চৰিত্ৰসমূহৰ মাজেৰেই “পত্নীপ্ৰসাদ” নাটখনিৰ কাহিনীভাগ আগুৱাই নিয়া হৈছে । “আহে সামাজিক লোকঃ সোহি জগতক পৰম গুৰুঃ পুৰুষোত্তমঃ সোহি নন্দনন্দন ৰূপে কহোঁঃ অন্ন প্ৰাৰ্থনা চলেঃ বিপ্ৰ সবক কৰ্ম্ম গৰ্ব্ব দূৰ কৰলঃ পত্নী সবক পৰম প্ৰসাদ দেলহঃ বালক সবক ষড়ৰথ অন্ন ভোজন কৰাৱল । সোহি পত্নীপ্ৰসাদ নাম নাটঃ”–বুলি সূত্ৰধাৰে আৰম্ভণি কৰাৰ লগে লগে মঙলবাৰে নিশা নগাঁও জিলাৰ মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পবিত্ৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত কুশীলৱসকলে পৰিবেশন কৰে “পত্নী প্ৰসাদ” নাটখনি । উল্লেখ্য যে শ্ৰী শ্ৰী বটদ্ৰৱা থানত ২৪ ছেপ্টেম্বৰৰ পৰা ৯দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ । মহোৎসৱৰ লগত সংগতি ৰাখি মঙলবাৰে নিশা পৰিৱেশন কৰা হয় “পত্নীপ্ৰসাদ” নাটখনি। আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক নাটখনিত পৰিৱেশন কৰা নাটখনিত যুদ্ধ বিগ্ৰহ নাই যদিও কম কথা আৰু পৰিসৰৰ মাজেদি নাটকীয় কাহিনীৰ পৰিসমাপ্তি ঘটাইছে ৷ নাটখনিৰ শেষত ব্ৰাহ্মণসকলৰ গৰ্ব্ব চূৰ্ণ কৰা হৈছে আৰু কৃষ্ণক শৰণ লৈ কৃষ্ণ ভক্তিক তেওঁলোকে আকোঁৱালি লৈছে। যাগ-যজ্ঞত আস্থাশীল পাণ্ডিত্যভিমানী আৰু ভক্তি বিৰোধী ব্ৰাহ্মণসকলৰ কৃষ্ণভক্তি পৰায়ণ ব্ৰাহ্মণ পত্নী আৰু গোপবালকসকলৰ বিৰোধক ভেটি কৰি নাট্যকাহিনী ৰচিত হ’লেও শংকৰদেৱে কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গৰ বিৰোধক ইয়াত মুখ্যতঃ স্থান দিছে ৷ পুৰণিগুদামৰ অবিনশ্বৰ গোষ্ঠী শিল্পীসকলে পৰিবেশন কৰা নাটখনিৰ দীপক বৰাৰ পৰিচালনাৰে কুশীলৱ, গায়ন-বায়ন,সূত্ৰধাৰ সকলোৰে সুন্দৰ পৰিৱেশনত উপভোগ্য নাটকখনিয়ে নিশা সহস্ৰাধিক দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে । নাটকখনিত সূত্ৰধাৰৰ দায়িত্বত ৰুবুল কুমাৰ মহন্ত,বায়নৰ দায়িত্বত শুভজিৎ শইকীয়া,গায়নৰ দায়িত্বত বিনোদ ভূঞা,ৰঞ্জন কুমাৰ বৰা, মৌচুমী শইকীয়াৰ লগতে আন আন শিল্পীসকলে গীত-বাদ্য সুন্দৰকৈ পৰিবেশন কৰে। ইপিনে, বিভিন্ন চৰিত্ৰত বিপঞ্চিকা বৰা,প্ৰেৰণা শইকীয়া,ৰাজ কুমাৰী ভূঞা,তুহিন কণ্যা বৰা,ৰূপজ্যোতি ভূঞা,প্ৰণামী শ্যাণ্ডিল্য,হিমাশ্ৰী সেনাপতি,সুপ্ৰিয়া পৰাশৰ,ৰঞ্জন তামুলীকে আদি কৰি ভাৱৰীয়াসকলৰ অভিনয়,নৃত্য,অভিব্যক্তিৰ মাজেৰে ঈশ্বৰ কৃষ্ণৰ পুৰুষত্ব,মহত্ব আৰু ঐশ্বৰিক গুণৰাজি প্ৰকাশ পাইছে । ব্ৰাহ্মণনীসকলৰ কৃষ্ণ ভক্তিৰ উপৰি ব্ৰাহ্মণসকলে পৰম পুৰুষ শ্ৰীকৃষ্ণৰ মাহাত্ম্য উপলব্ধি কৰি কৃষ্ণত শৰণলৈ কৃষ্ণভক্তিত গদ্‌ গদ্‌ হৈ পৰিছে ।

You May Also Like

More From Author