এটা মোবাইল নম্বৰৰ আঁত ধৰি অসম আৰক্ষীয়ে জালত পেলালে ৩টা নৰপিশাচক। এখন ডায়েৰীত লিখি থোৱা আছিল নম্বৰটো। ডায়েৰীখন আছিল ১৪ বছৰীয়া এগৰাকী কিশোৰীৰ। ৯ ছেপ্টেম্বৰৰ নিশা নৃশংস হত্যাকাণ্ডৰ বলি হৈছিল কিশোৰীগৰাকী। মৰণোত্তৰ পৰীক্ষাত ধৰা পৰিছিল শিহৰণকাৰী তথ্য। যি তথ্য দেখি গা শিয়ৰি উঠিছিল আৰক্ষীৰ।
কি আছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত?
হত্যা কৰাৰ পাছত কুকৰ্মৰ বলি হৈছিল ১৪ বছৰীয়া কিশোৰীগৰাকী। হয়, এইখন অসমতে সংঘটিত হৈছে নৃশংস ঘটনা। কৰিমগঞ্জ চহৰৰ এই নাৰকীয় কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰে’ল কৰ্মচাৰী সহ ৩ যুৱকক।
ঘটনাৰ আঁৰত কি?
প্ৰেম। হয়, কৌশলেৰে ১৪ বছৰীয়া কিশোৰীক প্ৰেমৰ জালত বন্দী কৰাইছিল ৰে’ল বিভাগৰ কৰ্মচাৰী ৰাহুল দাসে। আনকি এটা মোবাইল উপহাৰ দি ৰাহুলে জব্দ কৰি পেলাইছিল কণমানি কিশোৰীৰ মন। সেই মোবাইলৰ পৰাই ৯ ছেপ্টেম্বৰৰ পুৱা কিশোৰীৰ পিতৃ-মাতৃ আঁতৰলৈ ফুৰিবলৈ যোৱাৰ খবৰ পালে ৰাহুলে। এই খবৰ পোৱা মাত্ৰকে আনন্দত নাচি উঠিল ৰাহুলৰ মন। লগে লগে ৰাহুলে পৰিকল্পনা চূড়ান্ত কৰি সন্ধিয়া লগা মাত্ৰকে ২ বন্ধু শুভ্ৰ মালাকাৰ আৰু বিপ্লব পালৰ সৈতে টোকৰ দিলেগৈ কিশোৰীৰ ঘৰত।
দুৱাৰ খোলা মাত্ৰকে দুৱাৰদলিত ৰাহুল আৰু ২ বন্ধুক দেখি আপত্তি দৰ্শালে কিশোৰীয়ে। কিন্তু কিশোৰীৰ বাধা ওফৰাই ঘৰৰ ভিতৰ সোমাল ৰাহুল এণ্ড কোম্পানী। ভিতৰ সোমাই ঘৰৰ দুৱাৰৰ হুক মাৰি শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিলে ৰাহুল দাসে। সেই অসৎ প্ৰস্তাৱ মানিবলৈ নাৰাজ হোৱা মাত্ৰকে কিশোৰীক জপটিতাই ধৰিলে ৰাহুল দাসৰ লগতে ২ বন্ধু শুভ্ৰ মালাকাৰ আৰু বিপ্লব পালে। তাৰ পাছতো অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিব নোৱাৰিলে ৰাহুলে। বিপৰীতে ৩ পিশাচে কাবু কৰাৰ চেষ্টাত অচেতন হৈ পৰিল ১৪ বছৰীয়া কিশোৰীগৰাকী। দৰাচলতে তেতিয়াই মৃত্যুৰ শীতল কোলাত ঢলি পৰিছিল কিশোৰীগৰাকী। কিশোৰীগৰাকীৰ মৃতদেহতে ৯ ছেপ্টেম্বৰৰ নিশা অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিছিল ৰাহুল দাস, শুভ্ৰ মালাকাৰ আৰু বিপ্লব পালে।
কেনেকৈ পোহৰলৈ আহিল এই ঘটনা?
কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ পাছতে কুকাণ্ড কৰি হত্যা কৰাৰ সন্দেহ কৰিছিল কৰিমগঞ্জ আৰক্ষীয়ে। সেই সন্দেহৰ আধাৰত তদন্ত চলাওতেই আৰক্ষীৰ হাতত পৰিল ১৪ বছৰীয়া কিশোৰীগৰাকীৰ এখন ডায়েৰী। যি ডায়েৰীত বিশেষ গুৰুত্ব সহকাৰে লিখি থোৱা আছিল এটা মোবাইল নম্বৰ। সেই নম্বৰটোত আৰক্ষীয়ে ফোন কৰোতে সিমূৰত কলটো ৰিচিভ কৰিছিল ৰে’ল কৰ্মচাৰী ৰাহুল দাসে। তেতিয়াই ৰাহুলৰ ওপৰত সন্দেহ হ’ল আৰক্ষীৰ।
তাৰ পিছত কিশোৰীৰ মোবাইলৰ কল লিষ্টত ৯ ছেপ্টেম্বৰৰ আবেলিৰ পৰা ৰাহুলৰ পৰা একাধিক কল অহাৰ তথ্য পালে আৰক্ষীয়ে। তেতিয়াই আৰক্ষীয়ে আটক কৰিলে ৰাহুল দাসক। আৰক্ষীৰ মাৰাথন জেৰাত অৱশেষত ৰাহুলে স্বীকাৰ কৰিলে ১৪ বছৰীয়া কিশোৰীক হত্যা কৰাৰ পাছত ২ বন্ধু শুভ্ৰ মালাকাৰ আৰু বিপ্লব পালৰ সৈতে কৰা জঘন্য কাণ্ডৰ কথা।
এই ভাষ্য শুনা মাত্ৰকে কৰিমগঞ্জ আৰক্ষীয়ে ৰাহুলৰ লগতে গ্ৰেপ্তাৰ কৰিলে শুভ্ৰ মালাকাৰ আৰু বিপ্লব পালক। আদালতত হাজিৰ কৰি নিজৰ জিম্মাত লোৱা তিনি পিশাচক লৈ ইতিমধ্যে কৰিমগঞ্জ আৰক্ষীয়ে ঘটনাস্থলীত গৈ ৰিক্ৰিয়েট কৰিছে ক্ৰাইম চিন। ঘৰত পিতৃ-মাতৃ নথকাৰ সুযোগ লৈ অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ ২ বন্ধুৰ সৈতে ১৪ বছৰীয়া কিশোৰীক হত্যা কৰি ধৰ্ষণ কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।