গোৱালপাৰাৰ ধূপধৰাৰ মাজমজিয়াত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এখন যাত্ৰীবাহী বাছ জ্বলি ভস্মিভূত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অবশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাই বিৰাজ কৰাও পৰিলক্ষিত হয়। প্ৰাপ্ত তথ্য অনুযায়ী আজি পুৱা প্ৰায় ৯ মান বজাত ধূপধৰা বাছ স্থানত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ২৫ বিচি ২৯৮৮ নম্বৰৰ গুৱাহাটী দিশৰ পৰা গোৱালপাৰা অভিমুখী ভাগ্যশ্ৰী নামৰ বাছখন যাত্ৰী উঠা নমাৰ বাবে ৰয়। কিন্ত বাছখন ধূপধৰাৰ বাছ স্থাপত ৰোৱাৰ কিছু সময়ৰ পিছত ইঞ্জিনৰ পৰা ধোৱা উলাবলৈ ধৰে। পিছত বাছৰ কৰ্মচাৰী সকলে ধোৱাৰ উৎস বিচাৰি থাকোতে হঠাৎ বাছখনৰ তলত জুই লগাটো পৰিক্ষিত কৰে। বাছৰ তলত জুই লগা কথা জানিব পাৰি যাত্ৰী সকলৰ মাজত নিমিষতে হাহাকাৰ লাগে আৰু ততাতৈয়াকৈ যাত্ৰী সকল নিজৰ নিজৰ সামগ্ৰী লৈ বাছৰ পৰা নামি যায়। তেতিয়ালৈ লৈ জুইৰ পৰিমান অধিক হৈ পৰে। কৰ্মচাৰী সকলে বাছৰ সন্মুখত লগা জুই নমাবলৈ অপ্ৰাণ চেষ্টা চলায় যদিও বিফল হয়। অৱশেষত সেই জুইয়ে বিধ্বংসী ৰূপ লৈ বাছখনৰ সন্মুখৰ পৰা লাগি সম্পূৰ্ণ বাছখনকে ছানি ধৰে। লগে লগে ৰাজপথৰ ওপৰতে দাউ দাউকৈ জ্বলি উঠে বাছখন। প্ৰায় এক ঘন্টাত বাছখন জ্বলি সম্পূৰ্ণ ৰূপে ভস্মিভূত হৈ পৰে। ইফালে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও, তেওঁলোকে বাছখন জ্বলি সম্পূৰ্ণৰূপে নিশেষ হোৱাৰ পিছতহে ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে অগ্নি নিৰ্বাপনৰ দল আহি পোৱাত পলম হোৱাৰ বাবে ৰাইজে অগ্নি নিৰ্বাপক বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অগ্নি নিৰ্বাপক বাহিনী হায় হায়, অগ্নি নিৰ্বাপক বাহিনী গ বেক আদি শ্লোগানেৰে প্ৰতিবাদ কৰে ৰাইজে। ইফালে ঘটনাস্থলীত গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ আৰক্ষী বিষয়া, ধূপধৰা আৰক্ষীৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও ধূপধৰাত এটা অগ্নি নিৰ্বাপক বাহিনীৰ সেৱা কেন্দ্ৰৰ স্থাপনৰ দাবী উত্থাপন কৰে। ধূপধৰাত অগ্ন নিৰ্বাপক বাহিনীৰ সেৱা কেন্দ্ৰ এটা স্থাপনৰ বাবে বৃহৎ ধূপধৰা অঞ্চলৰ ৰাইজে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰাই নহয়, ধূপধৰা তিনিদলীয়া ৰাইজৰ তৰফৰ পৰা কেন্দ্ৰটো স্থাপনৰ বাবে মাটিও দিছে যদিও বৰ্তমানলৈ জিলা প্ৰশাসনৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইফালে ৰংজুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে তেওঁকো এই দাবী জনায়। উল্লেখ্যযোগ্য যে বৃহৎৰ ধূপধৰা অঞ্চলত প্ৰায় ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছে। কিন্ত অগ্ন নিৰ্বাপনৰ সেৱা কেন্দ্ৰ দুধনৈ আৰু বকোত থকা বাবে এই স্থানৰ পৰা বাহন সমুহ আহি পোৱাত পলম হোৱা বাবেই ইতিমধ্যে অগ্নিকাণ্ডত সকলো পুৰি ছাঁই হৈ যায়। আজিৰ এই ঘটনাৰ বাবে প্ৰায় ডেৰ ঘন্টা সময় ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যানজঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা।
যান্ত্ৰিক বিজুতি : ধূপধৰাত ভস্মীভূত যাত্ৰীবাহী বাছ
Posted on by GTM Desk