সাহিত্য চর্চা কেন্দ্র, অসমে গোৱালপাৰা জিলাৰ পটভূমি অথবা জিলাখনৰ কোনো ব্যক্তি বিশেষৰ জীৱন- কর্ম আধাৰিত সাহিত্য কৰ্মৰ বাবে প্ৰতি বছৰে একোগৰাকীলৈ লেখকক ‘সাহিত্য বঁটা’ প্রদান কৰি আহিছে। অনুষ্ঠানটোৱে ২০২৩ বৰ্ষৰ সাহিত্য বঁটা ‘সপোনৰ সদাগৰৰ সন্ধানত’ উপন্যাসখনৰ বাবে গুৰমাইল সিঙলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। চৰকাৰী চাকৰি সূত্রে গুৰমাইল সিঙে আজি কিছু বছৰ আগতে মাত্র কেইমাহমানৰ বাবে গোৱালপাৰা চহৰত কটাইছিল। সেই কেইটামান মাহতে তেওঁ গোটেই চহৰখনৰ লগতে তাৰ আশে-পাশে থকা স্থানক লৈ এখন মনোৰম উপন্যাস লিখি উলিয়াইছে। গোৱালপাৰাক বিষয় হিচাবে লৈ লিখি উলিওৱা গুৰমাইল সিঙৰ ‘সপোনৰ সদাগৰৰ সন্ধানত’ গ্রন্থখনৰ বাবে তেখেতক সাহিত্য চর্চা কেন্দ্র, অসমে অহা ২০ অক্টোবৰৰ দিনা আজাৰাত অনুষ্ঠিত হ’বলগীয়া ‘শৰতৰ দুপৰীয়া’ অনুষ্ঠানত আনুষ্ঠানিকভাবে ‘সাহিত্য বঁটা-২০২৩’ প্রদান কৰিব। ইয়াৰ পূর্বে এই বঁটা লাভ কৰিছিল ‘শুক্রাচার্য ৰাভা যাত্রা আৰু মাত্রা’ৰ বাবে নীলোৎপল বৰুৱাই, ‘বগী’ উপন্যাসখনৰ বাবে গোবিন্দ কুমাৰ খাওণ্ডে, ‘ৰূপৰ খাপৰ তৰোৱাল’ উপন্যাসখনৰ বাবে বাবে ৰক্তিম শর্মাই আৰু এইবাৰ ‘সপোনৰ সদাগৰৰ সন্ধানত’ উপন্যাসখনৰ বাবে গুৰমাইল সিঙে। সাহিত্য চর্চা কেন্দ্র, অসমৰ যুটীয়া সম্পাদক ৬০ পৰিতোষ চক্রবর্তী আৰু ৬০ ভরেশ দাসে এক প্রেছ বিজ্ঞপ্তিযোগে এই কথা সংবাদ মাধ্যমক জনাইছে।
সাহিত্য চর্চা কেন্দ্র, অসমৰ সাহিত্য বঁটা এইবাৰ গুৰমাইল সিঙলৈ
Posted on by GTM Desk
1 min read