২৪ ছেপ্টেম্বৰত বিবাহপাশত আবদ্ধ হ’ব পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা

0 min read

২৪ ছেপ্টেম্বৰত বিবাহপাশত আবদ্ধ হ’ব বলীউদৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমি পাৰ্টীৰ নেতা তথা সাংসদ ৰাঘৱ চাড্ডা

মাজত আৰু মাত্ৰ দুটা দিন। ইতিমধ্যে সজাই তোলা হৈছে পৰিণীতিৰ মুম্বাইৰ বাসভৱন।

বিগত ১৩ মে’ত নতুন দিল্লীৰ কপুৰথলা হাউছত ৰাঘৱ চাড্ডাৰ সৈতে বিগদান সম্পন্ন হৈছিল পৰিণীতিৰ। এইবাৰ বিয়া। ২৪ ছেপ্টেম্বৰত ৰাজস্থানৰ উদয়পুৰত বিলাসবহুল লীলা বেলেচত বিবাহপাশত আবদ্ধ হ’ব দুয়ো। প্ৰিয়ংকা চোপ্ৰায়ো বিয়া পাতিছিল ৰাজস্থানত। ২৩ ছেপ্টেম্বৰত ‘ৱেলকাম লাঞ্চ’ৰ জৰিয়তে দুপৰীয়াৰ পৰা আৰম্ভ হ’ব বিয়াৰ অনুষ্ঠান। তাৰ পিছত থাকিব নব্বৈৰ দশকৰ আৰ্হিত এক থীম পাৰ্টী। সেই দিনাই হ’ব পৰিণীতিৰ ‘চূড়া চেৰিমনি’।

২৪ ছেপ্টেম্বৰত ৰাঘৱৰ ‘ছেহৰাবন্দী’ৰ জৰিয়তে আৰম্ভ হ’ব বিয়াৰ অনুষ্ঠান। সূত্ৰৰ খবৰ, ২৩ ছেপ্টেম্বৰত ভগ্নীৰ বিয়া উপলক্ষে ভাৰতলৈ আহিব প্ৰিয়ংকা চোপ্ৰা। লগতে কন্যা মালতী মেৰী চোপ্ৰা জোনাছ। কিন্তু ‘জোনাছ ব্ৰাডাৰ্ছ’ৰ অনুষ্ঠান এৰি নিক আহিবনে নাই খুলশালীৰ বিয়ালৈ, তাক লৈ জল্পনা–কল্পনা চলিছে।

You May Also Like

More From Author