হিমাচলৰ মুখ্যমন্ত্রীয়ে ব্যক্তিগত তিনিটা একাউণ্ট খালি কৰি ৫১ লাখ টকা দিলে নিজ ৰাজ্যৰ উন্নয়নৰ বাবে

0 min read

জীৱনৰ কষ্টোপাৰ্জিত ৫১ লাখ টকা নিজ ৰাজ্যৰ উন্নয়নৰ বাবে দান দি চৰ্চা লৈ আহিছে হিমাচল প্রদেশৰ মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখু।
প্রাকৃতিক দুৰ্য্যোগে তচনচ কৰা হিমাচল প্ৰদেশৰ লোকসকলক পুনৰ সংস্থাপনৰ বাবে উদাহৰণ দেখুৱাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে। মুখ্যমন্ত্রী গৰাকীয়ে তিনিটা ব্যক্তিগত একাউণ্টৰ পৰা ৫১ লাখ টকা আগবঢ়াইছে ৰাজ্যখনৰ দুৰ্গত সকলৰ সহায়ৰ বাবে।

মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে পত্নী কমলেশ ঠাকুৰৰ সৈতে ৫১ লাখ টকাৰ এখন চেক প্রদান কৰে ৰাজ্যখনৰ মুখ্য সচিব প্ৰবোধ চাক্সেনাৰ হাতত। চাৰিবাৰকৈ বিধায়ক হোৱা সুখবিন্দৰ সিং সুখু প্রথমবাৰৰ বাবে হিমাচল প্রদেশৰ মুখ্যমন্ত্রীৰ আসন অলংকৃত কৰিছে। বিধায়ক হৈ থাকোতে মুখ্যমন্ত্ৰী সুখুৱে ব্যৱহাৰ কৰিছিল এখন সাধাৰণ অল্টো গাড়ী। মুখ্যমন্ত্ৰী হোৱাৰ পাছতো মুখ্যমন্ত্রী সুখু বিধানসভাত উপস্থিত হৈছিল অল্টো গাড়ীৰে।

শেহতীয়াকৈ প্রাকৃতিক দুৰ্য্যোগত বিধস্ত হৈ পৰা ৰাজ্যখনৰ উন্নয়নৰ বাবে ৰাজ্যখনৰ কনকন শিশু সকলেও তেওলোকৰ সঞ্চয়ৰ পৰাও ধন আগবঢ়াইছে দুৰ্য্যোগ সাহায্য পুজিলৈ।

You May Also Like

More From Author