গৌহাটি ইউনিভাৰ্চিটি কোচ ৰাজবংশী ষ্টুডেন্টছ্ এছোচিয়েছনৰ পঞ্চমতম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গুক্ৰাছাৰ বাৰ্ষিক মুখপত্ৰ “বিহান”ৰ তৃতীয় সংখ্যা প্ৰকাশ কৰিবলৈ ওলাইছে | সংগঠনটোৰ আলোচনী সম্পাদক/সম্পাদিকা প্লাৱিতা দাস আৰু দ্বীপজ্যোতি ৰায়ে জনোৱা অনুসৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা , ইতিহাস , সমাজ, কলা-সংস্কৃতিৰ এক বৌদ্ধিক আন্দোলন গঢ়ি তুলিবলৈ বিহানৰ জড়িয়তে গুক্ৰছাই জন্মলগ্নৰ পৰাই প্ৰয়াশ কৰি আহিছে | এই বিষয়সমূহৰ ওপৰত আগ্ৰহী ব্যক্তিসকলৰ পৰা অহা ১০ অক্টোবৰ , ২০২৩ তাৰিখৰ ভিতৰত লেখাসমূহ হাতেলিখা অথবা DTP(PDF) আকাৰে হোৱাটচেপ যোগে অথবা ই-মেইল : পঠাবলৈ সম্পাদকদ্বয়ে অনুৰোধ জনাইছে | লেখাসমূহলেখাসমূহ ৰাজবংশী,অসমীয়া তথা ইংৰাজী ভাষাত পঠাব পাৰিব |
Whats App no: +919957090081/ +916003432066/ +917635914239
Email: gukrsabihan@gmail.com