বহুতৰে কেতিয়াবা হাত বা ভৰি অৱশ হৈ পৰা যেন অনুভৱ হয়৷ বাহু বা গাঁঠিৰ কোনো এক স্নায়ু যদি সংকুচিত হয় বা ক্ষতিগ্ৰস্ত হয় তেতিয়া হাতখন অৱশ হোৱা যেন লাগে৷ তদুপৰি ডায়েবেটিছৰ দৰে ৰোগৰ বাবে পেৰিফেৰাল স্নায়ু ক্ষতিগ্ৰস্ত হ’লে, বা আঘাত, সংক্ৰমণ আৰু বিষাক্ত পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে হাত অৱশ হোৱা যেন অনুভৱ হয়৷ কিছুমানৰ আকৌ ভৰিৰ পতাত কেতিয়াবা বেজীয়ে খোচা যেন অনুভৱ হয়৷ মেৰুদণ্ডৰ তলৰ অংশৰ স্নায়ুমূলত যন্ত্ৰণা হ’লে এনে সমস্যা হয়৷ এনে ধৰণৰ অনুভূতিক বহুতেই অৱহেলা কৰে৷ কিন্তু এনে অনুভূতি যদি দীৰ্ঘস্থায়ী হয়, তেন্তে সেয়া গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে৷ উল্লেখ কৰা হ’ল হাত-ভৰি অৱশ হ’লে হ’ব পৰা ৰোগ–
[১] ডায়েবেটিছঃ বহুতৰে ডায়েবেটিছৰ সমস্যা থাকে৷ পেৰিফেৰাল স্নায়ু ৰোগত আক্ৰান্ত হ’লে এনে সমস্যা হয়৷ ইয়াৰ ফলত ভৰিৰ পতা অৱশ হয়৷ পৰৱৰ্তী সময়ত লাহে লাহে সেই অনুভূতি ভৰিৰ পৰা দেহৰ ওপৰলৈ উঠি আহে৷
[২] ছিষ্টেমিক ডিজিজঃ এইবিধ ৰোগ শৰীৰৰ যিকোনো অংগত হ’ব পাৰে৷ কিডনীৰ সমস্যা, ভাস্কুলাৰ ডিজিজ, হৰমনৰ ভাৰসাম্যহীনতা আৰু কেন্সাৰ সৃষ্টি কৰা টিউমাৰ আদি ৰোগসমূহক ছিষ্টেমিক ডিজিজ বুলি কোৱা হয়৷ এই ৰোগত আক্ৰান্ত হ’লে প্ৰাথমিক অৱস্থাত হাত বা ভৰি অৱশ হোৱা যেন লাগে৷
[৩] পেৰিফেৰাল আৰ্টাৰি ডিজিজঃ এই ৰোগত মস্তিষ্ক, বাহু আৰু দেহৰ বিভিন্ন অংগলৈ যিবোৰ ধমনীয়ে তেজৰ সৰবৰাহ কৰে তাত প্লাকৰ সৃষ্টি হয়৷ ফেট, কেলছিয়াম, ফাইবাৰাছ টিছু আৰু কলেষ্টেৰলৰ কাৰণে প্লাক গঠিত হয়৷ সময়ত চিকিৎসা নকৰিলে এই প্লাক কঠিন হৈ পৰে আৰু ধমনীৰ তেজ সৰবৰাহৰ পথসমূহ বন্ধ হৈ পৰে৷ ফলত ভৰিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে৷ এনেকুৱা হ’লে ভৰি অৱশ হোৱা যেন অনুভৱ হয়৷
[৪] ষ্ট্ৰ’কঃ হৃদযন্ত্ৰত তেজৰ সৰবৰাহ পৰ্যাপ্ত নহ’লে ষ্ট্ৰ’ক হয়৷ বিশেষকৈ ৰক্তনলীত ব্ল’কেজ হ’লে এনেকুৱা হয়৷ ষ্ট্ৰ’কৰ প্ৰাথমিক লক্ষণ হৈছে বাওঁহাত অৱশ হোৱা৷ এই অনুভূতি পাছলৈ হাতৰ তলুৱালৈকে বিয়পি পৰে৷ তদুপৰি হঠাতে দৃষ্টিশক্তিৰ পৰিৱৰ্তন, ভাৰসাম্যতা হেৰুওৱা, বাক্ শক্তিত সমস্যা হ’লে হাত-ভৰি আৰু মুখমণ্ডলত অৱশ ভাৱ অনুভৱ হয়৷
[৫] নিউৰালজিয়াঃ স্নায়ু ক্ষতিগ্ৰস্ত হ’লে হাত-ভৰিত বিষ আৰু জ্বলা-পোৰাৰ দৰে অনুভূতি হয়৷ দেহৰ যিকোনো অংশত এই ৰোগ হ’ব পাৰে৷ বিশেষকৈ সংক্ৰমণ আৰু বয়স বেছি হ’লে এই ৰোগ হয়৷