ভুলতো নকৰিব এইসমূহ কাম অন্যথা মহাদেৱ ৰুষ্ট হৈ পৰিব আৰু কেতিয়াও ক্ষমা নকৰে

1 min read

শাওণ মাহটো মহাদেৱৰ অতি প্ৰিয়।এই গোটেই মাহটোত শিৱভক্তসকলে শিৱ পূজা কৰে।ভগৱান শিৱ যিমান সহজে সন্তষ্ট হয়,সিমান সহজে বিতুষ্ট হৈ পৰে।সেয়হে তেওঁক ভোলানাথ বোলা হয়। ( Religious Studies )

মহাদেৱৰ খঙে জলপ্লাৱনৰ সৃষ্টি কৰিব পাৰে।আৰু ভক্তসকলক সন্তষ্ট কৰিব পাৰে।এনে ব্যক্তিয়ে কিবা অন্যায় কৰিলে-মহাদেৱ ক্ৰোধিত হৈ পৰে।

পুৰাণৰ অনুসৰি কৰ্ম,অভ্যাস আৰু চিন্তাৰে কৰা এইকেইটা পাপ মহাদেৱে কেতিয়াও ক্ষমা নকৰে।যিজন ব্যক্তিয়ে-এই প্ৰকাৰৰ দোষ কৰে-সেইজনে মহাদেৱৰ ক্ৰোধ ভুগিবলগীয়া হয়।এইকেইটা ভুল কেতিয়াও ক্ষমা নকৰে ভোলানাথে। সেই ভুলসমূহ হৈছে-

১)কোনো সহজ-সৰল আৰু নিৰীহ ব্যক্তিক ক্ষতি কৰিলে বা ব্যক্তিজনৰ জীৱনত বাধাৰ সৃষ্টি কৰাৰ পৰিকল্পনা বা চিন্তা কৰিলে মহাদেৱে আপোনাক কোনো ধৰণৰ ক্ষমা নকৰে।

২/পৰ স্ত্ৰী বা স্বামীৰ প্ৰতি বেয়াভাব ৰখা বা তেওঁক লাভ কৰাৰ ইচ্ছা থকাটো পাপ।এনে মানসিকতাই শিৱক বিতুষ্ট কৰি তোলে।

৩/আনৰ ধন-সম্পত্তি আত্মসাৎ কৰা বা নিজৰ কৰাৰ ইচ্ছা কৰাটো-শিৱৰ দৃষ্টিত এক ক্ষমা কৰিব নোঁৱাৰা অপৰাধ। ( Religious Studies )

৪/ভাল কথা পাহৰি-বেয়া কাম বাছি লোৱাসকলৰ কৰ্ম-মহাদেৱে ক্ষমা নকৰে।

৫/কথাৰে কাৰো ক্ষতি নকৰাৰ-বিপৰীতে তেওঁলোকৰ বাবে বেয়া চিন্তা আশ্ৰয় দিয়াটো পাপৰ শ্ৰেণীত অন্তৰ্ভুক্ত।ঠিক যেনেকৈ কথাৰেও-মানুহে পাপ অৰ্জন কৰিব পাৰে।

৬/কাৰোবাৰ বদনাম কৰিবলে মিছা কথা কোৱাটো প্ৰৱঞ্চনা হিচাপে শ্ৰেণীভূক্ত কৰা হয়।এনে কৰিলে ব্যক্তিক মহাদেৱে ক্ষমা কৰিব নোঁৱাৰে।সেই ব্যক্ৰিজন পাপৰ অংশীদাৰ হৈ পৰে।

৭/গৰ্ভৱতী বা ঋতুস্ৰাৱ হোৱা মহিলাক কঠোৰ ভাষাৰে কথা কলে আৰু অন্তৰত আঘাত দিলে-শিৱই ক্ষমা নকৰে।

৮/আকৌ কোনো ব্যক্তিৰ অনুপস্থিতিত সমাজত কাৰোবাৰ ক্ষতি বা বদনাম কৰিবলৈ উৰাবাতৰিৰ প্ৰচাৰ কৰাটো মহাদেৱৰ দৃষ্টিত পাপ আৰু তেওঁ দোষীজনক কোনো ধৰণে ক্ষমা নকৰে

You May Also Like

More From Author