১৪২ দিনৰ পাছত জোনমনি ৰাভাৰ চূৰ্ণ–বিচূৰ্ণ গাড়ীত ওলাল এটা ম’বাইল ফোন। এই ম’বাইল ফোনটো জোনমণি ৰাভাৰ নে আন কাৰোবাৰ, তাক লৈ উদ্ৰেগ ঘটিছে প্ৰশ্নৰ। আজি জখলাবন্ধা থানাত থকা জোনমনিৰ চূৰ্ণ–বিচুৰ্ণ হোৱা গাড়ীখনৰ ভিতৰতে CBIৰ দলে উদ্ধাৰ কৰিলে মোবাইলটো।
এই খিনিতে উত্থাপন হৈছে জটিল প্ৰশ্নৰ। যদি এই ম’বাইলটো জোনমণিৰ হয়, তেন্তে জখলাবন্ধাৰ সৰুভগীয়াত ১৬ মে’ৰ কাহিলি পুৱা সংঘটিত বহুচৰ্চিত দুৰ্ঘটনাৰ পিছত শত শত বাৰ আৰক্ষী আৰু CIDৰ তদন্তৰ লগতে ৪ বাৰ ঘটনাস্থলীত CBIৰ অনুসন্ধানৰ পাছতো কিয় উদ্ধাৰ হোৱা নাছিল জোনমণিৰ হেৰোৱা মোবাইলটো? আনকি থানা চৌহদতে ১৪০ দিন থকাৰ পিছতো জখলাবন্ধা থানাৰ আৰক্ষীয়ে কিয় দেখা নাপালে গাড়ীৰ ভিতৰতে থকা মোবাইলটো? কিবা ৰহস্য আছে নেকি ইয়াৰ আঁৰত?
এই ৰহ্যসৰ ভেদ ভাঙিব পাৰিব কেবল CBI কিম্বা অসম আৰক্ষীয়েহে। ১৪২ দিনৰ পাছত জোনমণিৰ গাড়ীত মোবাইল উদ্ধাৰ হোৱাৰ পিছত এতিয়া বহু প্ৰশ্নৰ উকমুকনি ঘটিছে ৰাজ্যবাসীৰ মনত। ক’ত আছে জোনমনিয়ে পিন্ধি থকা সোণৰ চেইনডাল? ক’ত আছে জোনমনিৰ পাৰ্চ?
চুৰি গৰু, নকল সোণ আৰু জাল নোটৰ অবৈধ বেপাৰৰ সৈতে সম্পৰ্ক ৰখা একাংশ আৰক্ষীৰ হাতত জোনমণিৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছিল মাতৃয়ে। দুখুনী মাতৃৰ সেই সন্দেহো ইমানদিনে নিৰসন কৰিব নোৱাৰিলে কোনো এটা তদন্তকাৰী সংস্থাই। আনকি জোনমণিৰ ৰহস্যজনক দুৰ্ঘটনাক লৈ জখলাবন্ধা মহকুমা চিকিৎসালয়ৰ চাফাই কৰ্মীৰ ভাষ্য এতিয়াও মনত ৰাখিছে অসমৰ ৰাইজে।
১০৮ৰে দুৰ্ঘটনাত পতিত জনক চিকিৎসালয়লৈ আনিবলৈ যোৱা চাফাই কৰ্মীজনে জোনমণি ৰাভাৰ ভৰিত দেখা নাছিল জোতা। চাফাই কৰ্মীৰ মতে, মোজা পিন্ধি আছিল জোনমণিয়ে। মোজা পিন্ধি আৰক্ষীয়ে দাবী কৰা মতে তীব্ৰ বেগত জোনমণিয়ে গাড়ীখন কেনেকৈ চলাইছিল তাৰ উত্তৰ আজিলৈকে নাপালে ভুক্তভোগী পৰিয়ালে। জোনমণিয়ে ছিটবেল্ট মাৰি থোৱা নাছিল বুলিও ভাষ্য দিছিল চাফাই কৰ্মীজনে। আনকি দুৰ্ঘটনাগ্ৰস্তক উদ্ধাৰ কৰিবলৈ গাড়ীখনৰ দুৱাৰ খুলি দিয়াৰ লগে লগে মৃতদেহ হাউলী পৰিছিল বুলি জনাইছিল ১০৮ৰ চালকে। লগতে জোনমণিৰ কাণেৰে এসোঁতা তেজ ওলোৱাৰ বাহিৰে শৰীৰত আন অংশত আঘাতৰ চিন নাছিল বুলি জনাইছিল মৃত ঘোষণা কৰা জখলাবন্ধা মহকুমা চিকিৎসালয়ৰ চিকিৎসক ডাঃ প্ৰাঞ্জল বৰাই।
গাড়ীখন চুৰ্ণ বিচুৰ্ণ হোৱাৰ পাছতো জোনমণিৰ কেৱল কাণখনেৰে এসোঁতা তেজ ওলোৱা কথাটোতো ৰহস্যৰ গোন্ধ পাইছিল ৰাজ্যবাসীয়ে। ২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা ২ বজাত প্ৰকৃততে কি হৈছিল জখলাবন্ধাৰ সৰুভগীয়াৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত? সেই প্ৰশ্নৰ উত্তৰ বিচাৰি ১৫ জুন, ২৮ জুন, ২৪ জুলাই, ১৪ ছেপ্টেম্বৰ আৰু ৪ অক্টোবৰত ৫ বাৰকৈ ঘটনাস্থলী পৰিদৰ্শন কৰিছে CBI ৰ দলে।
১৬ মে’ৰ ৰাতিপুৱাই ভুল দিশেৰে নগাঁৱৰ পৰা বোকাখাতৰ ফালে তীব্ৰ গতিৰে অহা বাবে কণ্টেইনাৰখনৰ সৈতে জোনমণিৰ এছপ্ৰেছ’ গাড়ীখনৰ দুৰ্ঘটনা হোৱা বুলি দাবী কৰিছিল জখলাবন্ধা থানাৰ SI জাকাৰিয়া চৌধুৰীয়ে। ৪ অক্টোবৰত পঞ্চমবাৰলৈ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ দিনা দুৰ্ঘটনাৰ দৃশ্যৰ পুণৰ ৰূপায়ন কৰি CBI–এ যেন সত্যসত্য উদ্ধাৰৰ চেষ্টা কৰিলে SI জাকাৰিয়া চৌধুৰীৰ ভাষ্যৰ। প্ৰশ্ন হয়, জখলাবন্ধাৰ সৰুভগীয়াত CBIৰ পঞ্চমবাৰৰ উপস্থিতিৰ পাছত স্পষ্ট হ’বনে চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়া মাকক কোৱাৰ্টাৰত থৈ ১৫ মে’ৰ নিশা গাড়ী লৈ কলৈ ওলাছইল জোনমণি? কোনোবাই জোনমনিক মাতি পঠাইছিল নে নিজ ইচ্ছাৰে কোৱাৰ্টাৰৰ পৰা ওলাই গৈছিল মৰিকলং আৰক্ষী চকীৰ তদানীন্তন পৰিদৰ্শকগৰাকী? কোনে দিব এনে প্ৰশ্নৰ উত্তৰ? কোনে ভেদ কৰিব জোনমণিৰ মৃত্যু ৰহস্য?