ভুল জীৱনশৈলীৰ আৰু দুৰ্বল খাদ্যাভ্যাসৰ বাবে বিগত কিছু বছৰ ধৰি হৃদৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। WHOৰ তথ্য অনুসৰি হৃদৰোগ হৈছে এক মাৰাত্মক ৰোগ। ইয়াৰ আটাইতকৈ গুৰুতৰ কথাটো হ’ল-বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ আশংকা বৃদ্ধি পায়। দৰাচলতে জীৱনশৈলী আৰু খাদ্যাভ্যাসেই হৃদৰোগৰ প্ৰধান কাৰণ বুলিব পাৰি, তথাপিও এক অধ্যয়নত দাবী কৰা হৈছে যে কিছুমান বিশেষ ভিটামিনৰ অভাৱেও হৃদৰোগ বৃদ্ধি কৰিব পাৰে।
সাৱধান! এই বিশেষ ভিটামিনৰ অভাৱে বৃদ্ধি কৰিব পাৰে হৃদৰোগৰ আশংকা
ভিটামিন-ডি আৰু হৃদৰোগৰ মাজৰ সম্পৰ্ক-
ইউৰোপিয়ান হাৰ্ট জাৰ্নেলত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে যিসকল লোকৰ ভিটামিন-ডিৰ অভাৱ হয় তেওঁলোকৰ হৃদযন্ত্ৰৰ লগত জড়িত বহুতো ৰোগৰ সম্ভাৱনা আন লোকতকৈ বৃদ্ধি পাব পাৰে। গৱেষকসকলে লগতে কয় যে ভিটামিন-ডি পূৰণ কৰিব পৰা সামগ্ৰী আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। ইয়াৰ উপৰি এই ভিটামিন শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। আন অধ্যয়নত কোৱা হৈছে যে যিসকল লোকৰ ভিটামিন-ডিৰ অভাৱ হয় তেওঁলোকৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু ইয়াকে হৃদৰোগৰ প্ৰধান কাৰণ বুলি ধৰা হয়। এই ভিটামিনৰ অভাৱৰ বাবে হাৰ্টএটেক, হাৰ্টফেইলাৰ আদি ৰোগৰ আশংকা আন মানুহৰ তুলনাত দুগুণ বৃদ্ধি পাব পাৰে।
অধ্যয়নে কি কয়?
দক্ষিণ অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা এলেনা হাইপ’নেনে কয় যে ভিটামিন-ডিৰ তীব্ৰ অভাৱ খুব কম লোকৰ ক্ষেত্ৰত দেখা যায়। কিন্তু ইয়াৰ সাধাৰণ অভাৱেও হৃদযন্ত্ৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এই অধ্যয়ন প্ৰায় ২৬৭,৯৮০জন লোকৰ ওপৰত কৰা হৈছে। এই অধ্যয়নত কোৱা হৈছে যে চহৰত বাস কৰা লোকসকলৰ মাজত ভিটামিন-ডিৰ অভাৱ অধিক। ইয়াৰ এটা কাৰণ হ’ল পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ নোপোৱা।
ভিটামিন-ডিৰ অভাৱ কেনেকৈ দূৰ কৰিব পাৰি-
স্বাস্থ্য বিশেষজ্ঞৰ মতে খাদ্যত কিছু বিশেষ পৰিৱৰ্তন কৰি ভিটামিন-ডিৰ অভাৱ দূৰ কৰিব পাৰি। সকলোকে পুৱা সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহা উচিত। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে খাদ্যত পনীৰ, কণী আৰু বাদামৰ লগতে চৰ্বিযুক্ত মাছ, যেনে-টুনা, মাগুৰ আৰু ছালমন, কিছুমান দুগ্ধজাত সামগ্ৰী, গাখীৰ আৰু গোটা শস্যৰ দ্বাৰাও ভিটামিন-ডিৰ অভাৱ দূৰ কৰিব পাৰি।