কলিয়াবৰত আৰক্ষী দিৱসত দেৱব্ৰত বৰঠাকুৰৰ “আৰক্ষী চকী”ৰ সফল মঞ্চায়ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ:–নগাঁও জিলাৰ কলিয়াবৰৰ অগ্ৰণী সাংস্কৃতিক-সামাজিক অনুষ্ঠান “ক্ৰিয়েটিভ- কলিয়াবৰ”ৰ উদ্যোগত আৰু নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত ১ অক্টোবৰত অসম আৰক্ষী দিৱসটি আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হয় । এই উপলক্ষে সন্ধিয়া ৭বজাৰ পৰা কুঁৱৰীটোলস্থিত কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত কলিয়াবৰ মহকুমাৰসমূহ আৰক্ষীৰ উপস্থিতিত উদযাপিত আৰক্ষী দিৱসটি বন্তি প্ৰজ্বালনৰে শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই । ইয়াৰ পিছতে উদ্যোক্তা অনুষ্ঠানটিৰ হৈ মহকুমাটোৰ কলিয়াবৰৰ উপৰি জখলাবন্ধা,উলুৱনি,ৰূপহী,চামগুৰিকে আদি কৰি জিলাখনৰ প্ৰায় সংখ্যক থানা এলেকাৰ আৰক্ষী তথা আৰক্ষী বিষয়াসকলক আৰক্ষী দিৱসৰ সন্মান জনোৱা হয় । ৰূপালীম গোস্বামীৰ বৰগীতৰ আধাৰত এটি নৃত্যৰে সাংস্কৃতিক কাৰ্যসূচীৰ মুকলি কৰি মঞ্চস্থ কৰা হয় নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ দ্বাৰা ৰচিত নাটক “আৰক্ষী চকী”৷ ক্ৰিয়েটিভ কলিয়াবৰৰ সভাপতি নৃপেন চন্দ্ৰ কেওটে পৰিচালনা কৰা নাটকখনিত অভিনয় কৰে কলিয়াবৰৰ ন-পুৰণি শিল্পীয়ে ৷ আজিৰ সমাজ ব্যৱস্থাত ৰাজনীতিৰ প্ৰভাৱ আৰু ইয়াৰ মাজতে মূৰ তুলি সমাজত থিয় দি থকা এমুঠি সাহসী আৰক্ষীৰ সমাজ সংস্কাৰৰ পদক্ষেপৰ আধাৰত ৰচিত নাটকখনৰ আৰক্ষী বিষয়াৰ ভূমিকাত অভিনয় কৰে পল্লৱ শইকীয়াই ৷ সেইদৰে ফুলকোঁৱৰৰ চৰিত্ৰত মৃদুল হাজৰিকা,গগৈ কনিষ্টবল চৰিত্ৰত প্ৰাঞ্জল নাথ,নাথ কনিষ্টবল চৰিত্ৰত মোহিত ভূঞা,চকিদাৰ চৰিত্ৰত সঞ্জয় বৰা,সাগৰৰ চৰিত্ৰত চন্দন শইকীয়া,মহেন্দ্ৰ শইকীয়া চৰিত্ৰত লক্ষ্যজ্যোতি, প্ৰধান শিক্ষকৰ চৰিত্ৰত অনুপ বৰা,সাংবাদিকৰ চৰিত্ৰত ৰাজ হাজৰিকা আৰু গোলাপীৰ চৰিত্ৰত শিল্পী ওজাই অভিনয় কৰে ।
দৰ্শকৰ সমাদৰ বাৰুকৈয়ে লাভ কৰি সমাদৃত নাটকখনৰ সংগীত আৰু পোহৰ ব্যৱস্থাপনাত আছিল সঞ্জীৱ শইকীয়া,সহযোগী হিচাপে আছিল গুনমণি ওজা। সাজসজ্জা আৰু ৰূপসজ্জা ৰূপজ্যোতি গোস্বামীৰ,সহযোগী হিয়াশ্ৰী কেওট। শব্দ আৰু পোহৰ ব্যৱস্থাপনাত মুন ৷ ক্ৰিয়েটিভ কলিয়াবৰৰ প্ৰতিগৰাকী নিষ্ঠাবান সদস্য-সদস্যা তথা শুভাকাংক্ষীয়ে প্ৰতিটো ক্ষেত্ৰতে সৱল সহযোগিতাৰে অনুষ্ঠানটো সফল কৰি তোলে। সামগ্ৰিকভাৱে অভিনয়,সংগীত আৰু পোহৰ সজ্জাত সফলতা লাভ কৰিছে “আৰক্ষী চকী” নাটকখনে ৷ “ক্ৰিয়েটিভ কলিয়াবৰ”ৰ সম্পাদক ভৱেন বৰুৱাৰ লগতে জয়ন্ত কুমাৰ শৰ্মাই অনুষ্ঠানটিৰ সামগ্ৰিক দিশটো চোৱাচিতা কৰিছিল ৷ দৰ্শকৰে পূৰ্ণ প্ৰেক্ষাগৃহত নাটকৰ শেষত মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ দ্বাৰা এটি কেক্ কাটি সকলো আৰক্ষী প্ৰশাসনৰ উপস্থিতিত মঞ্চতে আৰক্ষী দিৱসটোৰ কাৰ্যসূচীৰ সামৰণি মাৰে “ক্ৰিয়েটিভ- কলিয়াবৰে” । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author