নগাঁৱৰ ৰাইদঙীয়াত ৰচনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠসকলক বঁটা বিতৰণ

1 min read

নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ:–“আজিৰ নৱপ্ৰজন্মই গুৰুজনাৰ বিজ্ঞান মানসিকতাক হৃদয়ংগম কৰি,তেওঁৰ আদৰ্শক সাৰোগত কৰি নিজকে একোজন প্ৰকৃত মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তোলক।” এই উদ্দেশ্য আগত ৰাখি নগাঁও জিলাৰ ৰাইদঙীয়াৰ সামাজিক-সাংস্কৃতিক সংগঠন “সহোদৰ”ৰ উদ্যোগত এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োয়ন কৰা হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৫সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজিত এই ৰচনা প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল—“বিজ্ঞানমনস্কতা আৰু গুৰুজনাৰ ভক্তি আন্দোলন” ।

ৰচনা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে বটদ্ৰৱাৰ কস্তুৰী শৰ্মাই,দ্বিতীয় পুৰস্কাৰ লাভ কৰে পুৰণিগুদামৰ অভিলাষা কটকী,তৃতীয় পুৰস্কাৰ লাভ কৰে জুৰিয়াৰ গৌৰৱ শইকীয়াই । বিজয়ী প্ৰতিযোগীসকলক ক্ৰমে ৫০০১টকাসহ মান পত্ৰ,৩০০১টকাসহ মানপত্ৰ আৰু ২০০১টকাসহ মানপত্ৰ প্ৰদান কৰা হয়। ৰবিবাৰে অনুষ্ঠিত হয় ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাখন। আইভেটি গাঁও পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত সভাত সঞ্চালনা কৰে সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ বৰাই ।

সমাজকৰ্মী যতীন চন্দ্ৰ বৰাৰ দ্বাৰা বন্তি প্ৰজ্জ্বলন আৰু শিল্পী অনু দাসৰ এটি বৰগীতে পৰিৱেশনৰে আৰম্ভণি কৰা অনুষ্ঠানটিত বটদ্ৰৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ প্ৰাঞ্জলী মহন্ত, অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱা,সাহিত্যিক ৰিণি নেওগ,ৰেনেচাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ বিচিত্ৰ নাৰায়ণ শইকীয়া,সৌৰভ শাখা সাহিত্য সভাৰ সম্পাদক কবিন পাটৰ,কবি নাৰায়ণ চন্দ্ৰ দাস, প্রভাস বৰা,নৱ কমল ৰাজা,সূৰ্য ৰাজখোৱা,অৰুণ শইকীয়াকে আদি কৰি কেইবাগৰাকী ব্যক্তিৰ লগতে ছাত্র-ছাত্ৰী তথা অভিভাৱক উপস্থিত থাকে। উল্লেখ্য যে,ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আগবঢ়াইছিল ক্ৰমে গৌতম কামাখ্যা দাস,পূৰবী পাঠক আৰু দিলীপ বৰাই ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author