৫০১ টা মৃণ্ময় মূৰ্তিৰে সফলভাৱে সম্পন্ন হ’ল এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ দুৰ্গা পূজা!

1 min read

এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল বাংলাদেশৰ বাগেৰহাটৰ লিটন শিকদাৰ নামৰ ব্যৱসায়ীজনৰ ঘৰত। মঙলবাৰে বিজয়া দশমীৰ দিনা মা দুৰ্গাৰ বিসৰ্জন পৰ্বত হাজাৰ হাজাৰ লোকৰ সমাগম হয়। উদযাপন সমিতিয়ে জনোৱামতে পুৱা ৯-৪২ বজাত দুৰ্গা পূজাৰ ধ্ৰুপদী নিয়ম-কানুন অনুসৰি দশমী পূজাৰ সমাপ্ত কৰা হয়।

এই সময়ছোৱাত উপস্থিত ভক্ত আৰু দৰ্শনাৰ্থীসকল আৱেগিক হৈ পৰে। ভালেসংখ্যক ভক্ত দেৱী বিসৰ্জনৰ সময়ত কান্দোনত ভাগি পৰে। শিকদাৰৰ ঘৰত নিৰ্মিত ৫০১ টা মূৰ্তি ভোলা নদীত বিসৰ্জন দিয়া হয়। ইফালে নিমজ্জন প্ৰক্ৰিয়া নিশা লৈকে চলি থাকে বুলি জানিবলৈ দিয়ে।

শিকদাৰৰ ঘৰত আয়োজিত ৫০১ টা মূৰ্তিৰে এছিয়াৰ সৰ্ববৃহৎ দুৰ্গা পূজাৰ সময়ত ষষ্ঠীৰ পৰা বিজয়া দশমীৰ দিনটোলৈকে স্থানীয় আৰু বিদেশী ভক্তই ভিৰ কৰে বুলি জনায়। ষষ্ঠীৰ দিনা পুৱা পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰে ষষ্ঠী পূজা আৰম্ভ কৰা হৈছিল।

উদযাপন সমিতিয়ে জানিবলৈ দিয়ামতে, পূজাৰ সময়ছোৱাত প্ৰতিদিনে ৪ লাখৰো অধিক ভক্তৰ সমাগম হৈছিল। ৫ দিনত ২০ লাখতকৈও অধিক ভক্তই ভিৰ কৰিছিল। অনুষ্ঠানত খুলনাইন্দ্ৰজিৎ সাগৰৰ ভাৰতীয় সহকাৰী উচ্চায়ুক্ত, প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি গৌতম লাহিড়ী, বাগেৰহাটৰ উপায়ুক্ত মোঃ আবুল কালাম আজাদ ভালেসংখ্যক ব্যক্তিয়ে অনুষ্ঠানত উপস্থিত আছিল।

আনহাতে, শিকদাৰৰ ঘৰত আয়োজিত দুৰ্গা পূজাক লৈ অঞ্চলটোৰ লোকসকলও অতি উৎসাহিত হৈ পৰিছিল। উল্লেখ্য যে, সমাজকৰ্মী লিটন শিকদাৰে কৰোনাৰ বাবে যোৱা ৩বছৰ ধৰি সীমিতভাৱে পূজা উদযাপন কৰিছিল। অৱশ্যে এইবাৰ তেওঁ ৫০১ টা মূৰ্তিৰে পূজা অনুষ্ঠিত কৰে।

You May Also Like

More From Author