মুখৰ অতিৰিক্ত মেদ হ্ৰাস কৰিবলৈ কি কৰিব…

1 min read

আজি কালি প্ৰায়ভাগ লোক নিজৰ স্বাস্থ্যক লৈ অতি সচেতন৷ স্বাস্থ্য ঠিকে ৰখাৰ বাবে বা ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ অনেকে নিয়মত নানা ধৰণৰ ব্যায়াম আৰু যোগাসন কৰে৷ নিয়মিত সাধাৰণ ব্যায়ামে শৰীৰ ঠিকে ৰাখে কিন্তু সাধাৰণ ব্যায়ামে মুখৰ মেদ হ্ৰাস কৰিব নোৱাৰে৷ সেইবাবে অনেক লোকে মুখৰ মেদ বৃদ্ধিক লৈ চিন্তিত হয়৷ বহুতে বিশেষজ্ঞৰ পৰামৰ্শ লৈয়ো মুখৰ মেদ কমাব পৰা নাই৷ এয়েই যদি আপোনাৰো চিন্তাৰ কাৰণ হয় তেনেহ’লে এই কেইটি ব্যায়াম কৰি চাওক নিশ্চয় ফল পাব৷

প্ৰথমে চকু বন্ধ কৰি চকুৰ ওপৰত আঙুলি ৰাখি চকুৰ পতাৰ তলত ৰাখি ভ্ৰু ওপৰলৈ তোলাৰ চেষ্টা কৰক৷ ইয়াৰ উপৰি চকু বন্ধ অৱস্থাত চকুৰ মণি ওপৰৰ পৰা তললৈ নমাওক৷ নিতৌ ৫ মিনিট এনে ব্যায়াম কৰিলে চকুৰ তলত জমা হোৱা মেদ হ্ৰাস পোৱাৰ উপৰি কঁপালত বলৰে পাৰিব নোৱাৰে
মুখ অতিৰিক্তি মেদ কমাবলৈ মুখখন যিমান সম্ভৱ মেলি হা কৰাৰ চেষ্টা কৰক৷ যেতিয়া লৈ গাল-থুতুৰিত টান অনুভৱ নকৰে তেতিয়ালৈ এনে কৰাৰ পাছত আপুনি সকাহ পাব৷
মুখৰ এটা আঙুলি লৈ যিমান পাৰি জোৰেৰে চুপি থাকক৷ মুখত এটা আঙুলি লৈ জোৰেৰে চুপি থাকিলে গালখন যিমান পাৰে সিমান সংকুচিত হয়৷ নিতৌ ৮.১০ বাৰ এনে ব্যায়াম কৰিলে মুখত মেদ হ্ৰাস পোৱাত নিশ্চিতভাৱে সুফল পাব৷
মুৰটো যিমান সম্ভৱ তললৈ কৰি হাত দুখনেৰে গালৰ ওপৰত সমানে চাপ দিয়া লগতে মুখ বন্ধ হাঁহিবলৈ চেষ্টা কৰক৷ নিতৌ ১০ মিনিট ব্যায়াম কৰিলে গালৰ অতিৰিক্ত মেদ হ্ৰাস পায়৷
মুৰটো যিমান লাহে লাহে সম্ভৱ পিছফালে হলাই দি কষ্ট অনুভৱ নকৰালৈ ৰাখিবলৈ চেষ্টা কৰক৷ এনেদৰে মুৰটো কান্ধৰ বাঁওফালে আৰু সোঁফালে ৰাখক৷ নিতৌ ৫-৬ বাৰ এনে ব্যায়াম কৰিলে মুখৰ অতিৰিক্ত মেদ হ্ৰাস ৰখাত যাদুকৰী ফল লাভ কৰিব৷

You May Also Like

More From Author