টুথপেষ্ট টিউবৰ তলত ৰঙীন চিহ্ন! কিন্তু কিয় থাকে জানেনে?

0 min read

দাঁত উজ্জ্বল আৰু সুস্থ কৰিব ৰাখিবলৈ টুথপেষ্ট লগাই ব্ৰাছ কৰা হয়৷ মুখৰ গোন্ধ দূৰ কৰিবলৈও প্ৰতিদিনে পুৱা টুথপেষ্ট ব্যৱহাৰ কৰা হয়৷ কিয়নো দাঁত আৰু মুখ পৰিষ্কাৰ কৰি ৰখাত অন্যতম স্বাস্থ্যকৰ উপায় হৈছে টুথপেষ্টৰে ব্ৰাছ কৰা৷ কিন্তু এই টুথপেষ্ট টিউবৰ তলৰ অংশত কিউব আকৃতিৰ ৰঙীন চিহ্নৰ উপস্থিতি কেতিয়াবা দেখিছেনে? হয়তো দেখিছে৷ কিন্তু পেষ্ট ভেদে নীল, ৰঙা, সেউজীয়া, ক’লা ৰঙৰ সেই সৰু চিহ্ন কিয় থাকে সেই কথা এবাৰ ভাবক৷ এই ৰং সমূহৰ আছে অন্য এক অৰ্থ৷ পেষ্ট ভেদে থকা এই ৰঙে সেই পেষ্টটো কি উপাদানৰ পৰা প্ৰস্তুত কৰা হৈছে তাৰেই ইংগিত বহন কৰে৷

সেউজীয়াঃ সকলো উপাদান প্ৰাকৃতিক [এই টুথপেষ্ট প্ৰস্তুত কৰোঁতে সকলো ধৰণৰ প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰা হৈছে]৷

নীলাঃ কিছু উপাদান প্ৰাকৃতিক আৰু কিছু ঔষধযুক্ত [এই টুথপেষ্ট প্ৰস্তুত কৰোঁতে কিছু প্ৰাকৃতিক উপাদান আৰু কিছু ঔষধ ব্যৱহাৰ কৰা হৈছে]৷

ৰঙাঃ কিছু উপাদান প্ৰাকৃতিক আৰু কিছু ৰাসায়নিক দ্ৰব্য [এই টুথপেষ্ট প্ৰস্তুত কৰোঁতে কিছু প্ৰাকৃতিক আৰু কিছু ৰাসায়য়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে]৷

ক’লাঃ সকলো উপাদান ৰাসায়নিক দ্ৰব্য [এই টুথপেষ্ট প্ৰস্তুত কৰোঁতে সকলো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে]৷

মূলতঃ এই ৰং পণ্যবিধক পেকেট কৰাৰ সময়ত কামত লাগে৷ কাৰণ স্কেনাৰৰ জৰিয়তে ৰং চাই উপকৃত হ’ব পাৰে ক্ৰেতা৷ এইবাৰ আপুনি সিদ্ধান্ত লওক এতিয়াৰে পৰা কোন ৰঙৰ টুথপেষ্ট আপুনি ব্যৱহাৰৰ বাবে পছন্দ কৰিব৷

You May Also Like

More From Author