বুকু ধৰফৰাইছে? সাৱধান হওক

1 min read

কেতিয়াবা হঠাৎ বুকু ধৰফৰাই উঠিব পাৰে৷ এইদৰে দ্ৰত হৃদস্পন্দন কেতিয়াবা কাচিৎ অনুভৱ হ’লে কোনো চিন্তাৰ কাৰণ নাই৷ কিন্তু এইদৰে সঘনাই যদি বুকত ধৰফৰণি অনুভৱ হয় তেতিয়া কোনো ৰোগৰ লক্ষ্যণ হ’ব পাৰে৷ তেতিয়া জৰুৰীভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন৷ মানৱ শৰীৰৰ প্ৰতিটো হৃদস্পন্দন অত্যন্ত ছন্দবদ্ধ৷ বিশেষজ্ঞৰ মতে এজন পূৰ্ণ বয়স্কৰ মানুহৰ ক্ষেত্ৰত হৃদস্পন্দৰ হাৰ স্বাভাৱিক অৱস্থাত প্ৰতি মিনিটত ৭২১ বাৰ হয়৷ অৱশ্যে ব্যক্তি ভেদে এই হাৰ ৭০-১০০ হ’ব পাৰে৷ স্বাভাৱিক হৃদস্পন্দনৰ তুলনাত ইয়াৰ কম-বেছি হ’লে একাধিক অসুস্থতাৰ বাবে এনে হ’ব পাৰে৷ প্ৰতিমিনিটত যদি হৃদস্পন্দনৰ হাৰ ১০০১ অধিক হয় সেই অৱস্থাক কোৱা ট্যাকিকাৰ্ডিয়া৷ প্ৰতি মিনিটত ৬০১ কম হৃদস্পন্দনৰ হাৰ হ’লে তাক কোৱা হয় ব্ৰাৰ্ডিকাৰ্ডিয়া৷ এনেদৰে হৃদস্পন্দৰ হাৰ সঘনাই স্বাভাৱিক অৱস্থাতকৈ কম বা বেছি হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে৷

কি কি কাৰণত হৃদস্পন্দনৰ হাৰ কম বেছি হ’ব পাৰে?

১. মানসিক উদ্বেগঃ বিভিন্ন কাৰণত মানুহৰ মানসিক চাপ বৃদ্ধি পায়৷ দৈনন্দিনৰ ব্যস্ততাত মানসিক চাপ বৃদ্ধি পোৱাৰ বাবেও হৃদস্পন্দনৰ হাৰ কম-বেছি হ’ব পাৰে৷

২. শৰীৰ চৰ্চা কৰাৰ সময়তঃ শৰীৰ চৰ্চা কৰাৰ সময়ত হৃদস্পন্দনৰ গতি বৃদ্ধি পায়৷ শৰীৰ চৰ্চা কৰাৰ সময়ত হৃদস্পন্দনৰ হাৰ তাৰতম্য হ’লে চিন্তাৰ কোনো কাৰণ নাই৷

৩. ঋতুস্ৰাৱৰ সময়তঃ মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ সময়ত হৰমনৰ তাৰতম্য হয়৷ সেই বাবে এই সময়ছোৱাত হৃদস্পন্দনৰ হাৰ কম বা বেছি হ’ব পাৰে৷ এনে সময়ত হৃদস্পন্দৰ হাৰ কম-বেছি হ’লে চিন্তাৰ কোনো কাৰণ নাই৷

৪. ধূমপান কৰিলেঃ শৰীৰ সুস্থ ৰখাৰ বাবে ধূমপানৰ পৰা দূৰত থাকিব লাগে৷ হঠাৎ চিগাৰেট খোৱা অভ্যাস কৰিলেও বুকু ধৰফৰ কৰিব পাৰে৷ কেতিয়াবা ধূমপান অভ্যাস ত্যাগ কৰিলেও তিনি চাৰি সপ্তাহলৈকে বুকুত ধৰফৰণি অনুভৱ কৰিব পাৰে৷

৫. শৰীৰত তাপ মাত্ৰ বৃদ্ধি পালেঃ হঠাতে শৰীৰত তাপ মাত্ৰ বৃদ্ধি পালেও বুকু ধৰফৰ কৰিব পাৰে৷ শৰীৰৰ তাপ মাত্ৰা যদি ১০০ ৰো অধিক হয় তেতিয়াও বুকুত ধৰফৰণি অনুভৱ কৰিব পাৰে৷ বুকুৰ এই ধৰফৰণিৰ অনুভৱ যদি দীঘলীয়া সময়ৰ বাবে হয় আৰু ইয়াৰ লগতে যদি বুকুৰ বিষ, উশাহত কষ্ট, মূৰ ঘুৰণি বা কেতিয়াবা চেতনা হেৰুৱাৰ দৰে হয়তেতিয়া জৰুৰিভাৱে চিকিৎসকৰ কাষ চাপিব পাৰে৷

You May Also Like

More From Author