আপুনিও Toiletত বহি মোবাইল ব্য়ৱহাৰ কৰে নেকি?

1 min read

মোবাইল ফোন (Mobile Phone) আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। কিছুমান এনেকুৱাও লোক আছে যিয়ে এক মিনিটৰ বাবে তেওঁলোকৰ মোবাইল ফোনৰ পৰা আঁতৰি থাকিবলৈ ভাল নাপায়। যেতিয়া মোবাইলটো কাষত নাথাকে তেওঁলোক অস্থিৰ হৈ পৰে। আনকি কিছুমান লোকৰ শৌচাগাৰত বহি ফোন ব্যৱহাৰ কৰাৰ অভ্যাস আছে, কিন্তু এই অভ্যাস অতি বিপদজনক। ই আপোনাক অতি ৰুগীয়া কৰি তুলিব পাৰে। যদি আপুনি আপোনাৰ লগত শৌচাগাৰলৈ (Toilet) মোবাইল লৈ যায় তেন্তেআপুনি এক মাৰাত্মক ৰোগত আক্ৰান্ত হ’ব পাৰে (Life Threatening Illness)। আপুনি আৰু আপোনাৰ গোটেই পৰিয়াল বিপদজনক বেক্টেৰিয়াৰ (Bacteria) সংস্পৰ্শলৈ আহিব পাৰে।

যদি আপুনি শৌচাগাৰলৈ মোবাইল লৈ যায় তেন্তে আপুনি এই ৰোগত আক্ৰান্ত হ’ব
শৌচাগাৰত মোবাইল ব্যৱহাৰ কৰিলে হেমোৰইড (Piles)ৰ সমস্যা হ’ব পাৰে। অৱশ্যে বৃদ্ধ সকলৰ লগতে যুৱসকলৰ ক্ষেত্ৰতো পাইলছৰ সমস্যা সাধাৰণ হৈ পৰিছে। পাইলছক হেমোৰইড (Haemorrhoids) বুলিও কোৱা হয়। দৰাচলতে ইয়াৰ কাৰণ হৈছে যেতিয়া আপুনি শৌচাগাৰত মোবাইল লৈ যায়, আপুনি দীঘলীয়া সময়ৰ বাবে কমোডত বহি থাকে আৰু আপুনি সময়ৰ কথাও গম নাপাই কাৰণ আপুনি মোবাইল ব্যৱহাৰ কৰাত ব্যস্ত হৈ যায়।

পাইলছ হোৱাৰ কাৰণ কি?
দৰাচলতে কিছুমান লোকে শৌচাগাৰত কমোডত বহি তেওঁলোকৰ মোবাইল ফোনত বাতৰি পঢ়ে। ছচিয়েল মিডিয়া ছাইট চলাই, ভিডিঅ’ চাই, আৰু চেটিং কৰে। শৌচাগাৰত দীঘলীয়া সময়ৰ বাবে কমোডত বহি থাকিলে নিম্ন মলদ্বাৰ (Lower Rectum) আৰু মলদ্বাৰৰ (Anus)পেশীৰ ওপৰত চাপ বৃদ্ধি হয়, যাৰ ফলত পাইলছ হোৱাৰ সম্ভাৱনা থাকে।

মাৰাত্মক বেক্টেৰিয়া ফোনত আঠা লাগি যায়
ইয়াৰ উপৰিও শৌচাগাৰলৈ মোবাইল লৈ যোৱাটো আপুনি বেক্টেৰিয়াৰ চিকাৰ হোৱাৰ সম্ভাৱনাও থাকে। শৌচাগাৰৰ বেক্টেৰিয়াবোৰ আপোনাৰ মোবাইলত লাগি যায়। যেতিয়া আপুনি শৌচাগাৰৰ পৰা ওলাই আহে, আপুনি আপোনাৰ হাত ধুৱে, কিন্তু আপোনাৰ মোবাইলত লাগি থকা বেক্টেৰিয়াবোৰ আপোনাৰ হাতত পুনৰ সংলগ্ন হয়। এই বেক্টেৰিয়াবোৰে সংক্ৰমণো সৃষ্টি কৰিব পাৰে।

You May Also Like

More From Author