২০২২-২৩ বৰ্ষৰ বাবে চাহ বাগিচাৰ শ্ৰমিকক বোনাছ পুনৰীক্ষণৰ বাবে বৈঠক অনুষ্ঠিত

1 min read

নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত বুধবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত ২০২২-২৩ বৰ্ষৰ বাবে চাহ বাগিচাৰ শ্ৰমিকক বোনাছ প্ৰদান কৰাৰ বিষয়টো পুনৰীক্ষণৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। সভাখন মুকলি কৰি অতিৰিক্ত জিলা আয়ুক্ত লক্ষ্যজ্যোতি দাসে আগন্তুক দুৰ্গা পূজা আৰু উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ অন্তৰ্গত চাহ বাগিচাৰ শ্ৰমিকসকলক সময়মতে বোনাছ প্ৰদানৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰাটো সভাৰ প্ৰাথমিক কাৰ্যসূচী বুলি উল্লেখ কৰে ।সহকাৰী শ্ৰম আয়ুক্ত নৰেশ দাসে 55বৈঠকত উপস্থিত সদস্যসকলক নীতি অনুসৰি বোনাছ প্ৰদানৰ সৈতে জড়িত কাৰিকৰী বিষয় সমূহৰ সন্দৰ্ভে অৱগত কৰে আৰু চাহ বাগিচা পৰিচালকসকলক নিজ নিজ শ্ৰমিক সংঘৰ সৈতে কথাবোৰ সমাধান কৰি বোনাছৰ শতাংশ আৰু বিতৰণৰ সন্দৰ্ভত পাৰস্পৰিক বুজাবুজিত উপনীত হ’বলৈ কয়। জিলা আয়ুক্তগৰাকীয়ে নগাঁও জিলাৰ অন্তৰ্গত চাহ বাগিচাৰ প্ৰতিজন প্ৰতিনিধিৰ বোনাছ প্ৰদান সন্দৰ্ভত তেওঁলোকৰ বৰ্তমানৰ স্থিতি আৰু কাৰ্য্য পৰিকল্পনাৰ বিষয়ে চমুকৈ বুজ লয়। জিলা প্ৰশাসনে চাহ বাগিচা পৰিচালকসকলক ১০ অক্টোবৰ ২০২৩ৰ ভিতৰত বোনাছ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে আৰু লগতে কয় যে, অসম চাহ নিগম লিমিটেডৰ অধীনত পৰিচালিত চাহ বাগিচাসমূহে চৰকাৰী নিৰ্দেশনা মৰ্মে বোনাছ পাব। লগতে জিলা আয়ুক্তগৰাকীয়ে আগন্তুক উৎসৱৰ বতৰৰ বাবে উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰি শান্তিপূৰ্ণভাবে উৎসৱ উদযাপনৰ বাবে আহ্বান জনায়।।জিলা আয়ুক্ত গৰাকীয়ে অতিৰিক্তভাৱে চাহ বাগিচাৰ পৰিচালকসকলক কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ পৰিকল্পিত আৰু পৰ্যায়ক্ৰমে বোনাছৰ ধনসমূহ প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ জ্যোতি কলিতাই চাহ বাগিচাৰ পৰিচালক সকলক তেওঁলোকৰ বোনাছৰ ধন সংগ্ৰহ, ট্ৰেনজিট আৰু বোনাছ প্ৰদানৰ নিৰ্ধাৰিত তাৰিখ সন্দৰ্ভত সংশ্লিষ্ট আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষক বহু আগতেই অৱগত কৰিবলৈ আহ্বান জনায় আৰু সূৰ্যাস্তৰ পূৰ্বে ধনখিনি প্ৰদান কৰাটো বাঞ্ছনীয় বুলি উল্লেখ কৰে।।মহকুমা আৰক্ষী বিষয়া ৰূপ জ্যোতি দত্ত,সদৰ,চামগুৰি, কলিয়াবৰ,কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, নগাঁৱৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া, নগাঁও জিলাৰ অন্তৰ্গত চাহ বাগিচাৰ পৰিচালক আৰু প্ৰতিনিধি,অসম চাহ শ্ৰমিক সংঘৰ সদস্য আৰু চাহ বাগিচাৰ অন্যান্য সংঘ/সংগঠন আৰু অন্যান্য সংশ্লিষ্ট অংশীদাৰ আৰু শ্ৰম বিভাগৰ বিষয়াসকল বুধবাৰৰ এই বৈঠকত উপস্থিত থাকে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author